নলবাৰী,28 জানুৱাৰী : আঢ়ৈ শতিকা অতিক্ৰম কৰা অসমৰ প্ৰাচীন আৰু মহত্বপূৰ্ণ এখন দেৱালয় । নলবাৰী জিলাৰ বালিকৰিয়াত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বাসুদেৱ দেৱালয়ত আৰম্ভ হৈছে 265 সংখ্যক বাৰ্ষিক সভা মহোৎসৱ ।
বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে এই বাৰ্ষিক সভা মহোৎসৱ । অগণন ভক্তৰে উথপ-থপ হৈ পৰিছে সভা মহোৎসৱস্থলী ৷ পুৱাৰ ভাগত বাসুদেৱ দেৱালয়ৰ পৰা মহাপ্ৰভু শ্ৰীশ্ৰী বাসুদেৱৰ বিগ্ৰহ লৈ জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে এক বৃহৎ ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয় ।
জনশ্ৰুতি অনুসৰি, এই বাসুদেৱ প্ৰভুৰ দৰ্শন কৰিলে মনৰ ইচ্ছা পূৰণ হয় । সেয়েহে সকলোৱে প্ৰভুক দৰ্শন কৰি চাকি-বন্তিৰ লগতে শৰাই আগবঢ়াই মনৰ শান্তি কামনা কৰিছে ।
ইয়াৰোপৰি, তিনিদিনীয়াকৈ অনুষ্ঠিত এই সভা মহোৎসৱত বিভিন্ন ধৰণৰ সাংস্কৃতিক আনুষ্ঠানৰ লগতে ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিছে । এই সভাক লৈ এতিয়া ভক্তিৰসত বুৰ গৈছে বালিকৰিয়াবাসী ৷
লগতে পঢ়ক : চেঙাৰ বালাট্টাৰীত গৰাখহনীয়া প্ৰতিৰোধ আঁচনিৰ শুভাৰম্ভ