ETV Bharat / state

Wedding at floating house: পুখুৰীৰ মাজৰ ওপঙা ঘৰত এখন ব্যতিক্ৰমী বিয়া

author img

By

Published : May 3, 2022, 8:42 PM IST

ওপঙা ঘৰত আয়োজিত এখন বিশেষ বিয়া ৷ ব্যতিক্ৰমী বিয়াখনে চৰ্চা লাভ কৰিছে সৰ্বত্ৰে ৷ নলবাৰীত সম্পন্ন হয় এই বিয়াখন (Wedding at floating house in Nalabari)৷

Wedding at floating house
পুখুৰীৰ মাজৰ ওপঙা ঘৰত এখন ব্যতিক্ৰমী বিয়া

নলবাৰী, 3 মে’: নলবাৰীৰ এখন ব্যতিক্ৰমী বিয়া । পুখুৰীৰ মাজত ওপঙা ঘৰত আয়োজন কৰা হয় ব্যতিক্ৰমী এই বিয়াখন (Wedding at floating house in Nalabari)। নলবাৰীৰ উদীয়মান যুৱক তপন দত্ত বৰুৱাৰ ঘোগাবিলস্থিত কৃষি ভূমি মীন উদ্যানৰ বিশাল পুখুৰীত আয়োজন কৰা হয় এই বিয়াখন । চহৰৰ কোনো ডাঙৰ বিবাহ ভৱনত বহুত খৰচ কৰি বিবাহ কৰাৰ পৰিবৰ্তে সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত আয়োজন কৰা হয় এখন বিশেষ বিয়াখন (Exceptional Assamese wedding)।

বিয়াখন আয়োজন কৰা হয় নলবাৰী কেন্দুকূছিস্থিত ঘোগা বিলত । কেন্দুকুছিৰ উদীয়মান যুৱক তপন দত্ত বৰুৱাৰ কৃষি ভূমি মীন উদ্যানৰ বিশাল পুখুৰীৰ মাজত আয়োজিত হয় এই বিয়াখন । কুৰি শতিকাৰ গণ কবৰৰ কুখ্যাতি থকা ঘোগা বিল সম্প্ৰতি সেউজ বিপ্লৱে সু-খ্যাতিলৈ ৰূপান্তৰ কৰিছে । যিখন ঠাইত সম্প্ৰতি নান্দনিক পৰিবেশেৰে বিৰাজমান হৈ আছে । এই নান্দনিক পৰিৱেশৰ মাজতে নলবাৰীৰ জীয়ৰীক বিবাহ কৰাবলৈ আহিল কলিকতাৰ যুৱকে ।

নলবাৰীৰ উচ্চ শিক্ষিতা কণ্যা ড৹ দ্ৰবিতা দত্তক বিবাহ কৰাবলৈ আহে কলিকতাৰ অত্ৰিক মণ্ডল । এই বিশেষ বিয়াখন আয়োজন কৰা হয় পুখুৰীৰ মাজত । এতিয়া এই বিয়াখন সৰ্বত্ৰে চৰ্চিত হোৱাৰ লগতে শলাগ জনাইছে কেন্দুকুছিৰ উদীয়মান যুৱক তপন দত্ত বৰুৱাক । যিগৰাকী যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল এই কৃষি পামখন ।

লগতে পঢ়ক: দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বন ধ্বংসযজ্ঞ চলোৱা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে সৰৱ বন বিভাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.