ETV Bharat / state

Nalbari Murder Case: নলবাৰীত বিজেপি নেত্ৰীক স্বামীয়ে হত্যা কৰাৰ অভিযোগক লৈ অব্যাহত প্ৰতিক্ৰিয়া

author img

By

Published : May 17, 2023, 9:20 PM IST

নলবাৰীৰ ইছলাম চুপাত সংঘটিত হোৱা হত্যাকাণ্ডকলৈ প্ৰতিক্ৰিয়া অব্যাহত । নলবাৰী আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি হত্যাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা লোৱাৰ দাবী পৰিয়ালৰ (Nalbari Murder Case) ৷

Women killed by husband and family
কঠোৰতকৈও কঠোৰ শাস্তিৰ দাবী
নলবাৰীৰ ইছলাম চুপাত সংঘটিত হোৱা হত্যাকাণ্ডকলৈ প্ৰতিক্ৰিয়া অব্যাহত

নলবাৰী, 17 মে’: নলবাৰীৰ ইছলাম চুপাত মঙলবাৰে সংঘটিত হোৱা এগৰাকী মহিলাৰ হত্যাকাণ্ডকলৈ অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ বুধবাৰে মৃত চামচিয়া বেগমৰ পৰিয়াল নলবাৰী সদৰ থানাত উপস্থিত হৈ নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙক সাক্ষাৎ কৰি হত্যাকাৰী মঞ্জুৰ আলমক উচিত শাস্তিৰ দাবী জনায় ৷ লগতে অভিযুক্ত হত্যাকাৰী মঞ্জুৰ আলমৰ মাতৃ চখিনা বেগমকো তদন্তৰ আওঁতালৈ আনিবলৈ অনুৰোধ কৰে চামচিয়া বেগমৰ মাতৃগৃহৰ পৰিয়ালে ৷ এই ক্ষেত্ৰত নলবাৰীৰ আৰক্ষী অধীক্ষকে পৰিয়ালটোক তদন্তত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় (Women killed by husband and family) ৷

ইফালে বুধবাৰে নলবাৰী সদৰ থানাত চামচিয়াৰ পৰিয়ালে হত্যাকাৰী মঞ্জুৰ আলমক কঠোৰতকৈও কঠোৰ শাস্তি বিহাৰ দাবী জনায় ৷ উল্লেখযোগ্য যে , মঙলবাৰে স্বামী আৰু স্বামীৰ মাতৃয়ে মিলি চামচিয়া বেগমক হত্যা কৰাৰ অভিযোগ কৰিছিল পৰিয়ালটোৱে৷ অভিযোগ অনুসৰি সোমবাৰৰ নিশা স্বামী আৰু পত্নীৰ মাজত সৃষ্টি হৈছিল ৷ যাৰ ফলত স্বামীৰ প্ৰহাৰত মৃত্যু হৈছিল পত্নী চামচিয়া বেগমৰ (Allegation on Women killed by husband and family) ৷

উল্লেখযোগ্য যে, দীৰ্ঘদিনৰে পৰা নলবাৰী পৌৰসভাৰ প্ৰাক্তন উপ-পৌৰপতি মঞ্জুৰ আলম আৰু নলবাৰী জিলা বিজেপি টাউন মণ্ডলৰ মহিলা মৰ্চাৰ সম্পাদিকা চামচিয়া বেগমৰ মাজত সম্পৰ্কত ফাঁট মেলিছিল ৷ ইতিমধ্যে স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি চামচিয়াৰ স্বামী মঞ্জুৰ আলমৰ আছিল আন মহিলাৰে সম্পৰ্ক ৷ মঞ্জুৰে ড্ৰাগছ সেৱন কৰিছিল বুলিও অভিযোগ উত্থাপন হৈছে ৷ এই কথাত পত্নী চামচিয়া বেগমে বিৰোধিতা কৰাত স্বামী মঞ্জুৰ আৰু তেওঁৰ মাতৃয়ে মিলি চামচিয়াক হত্যা কৰে বুলি অভিযোগ কৰিছে চামচিয়াৰ পৰিয়ালে (Nalbari Murder Case) ৷

ইতিমধ্যে পত্নীক হত্যা কৰি স্বামী মঞ্জুৰ আলামে নলবাৰী সদৰ থানাত নিজে আত্মসমৰ্পণ কৰিছিল ৷ ইফালে স্থানীয় ৰাইজে মঞ্জুৰ আলমৰ মাতৃ এই হত্যাকাণ্ডত জড়িত বুলি অভিযোগ কৰে যদিও আৰক্ষীৰ তদন্ততহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব ৷ ইতিমধ্যে নলবাৰী জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিং নলবাৰী সদৰ থানাত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Land dispute : ভূমিক কেন্দ্ৰ কৰি নলবাৰীত পৰিয়াল কেন্দ্ৰীক বিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.