ETV Bharat / state

Atul Bora in Nalbari : নলবাৰীত কেঁচুসাৰ ফাৰ্ম পৰিদৰ্শন কৃষিমন্ত্ৰী অতুল বৰাৰ

author img

By

Published : Nov 29, 2021, 4:47 PM IST

নলবাৰীত কেঁচুসাৰ ফাৰ্ম(Verme compost farm in Nalbari) পৰিদৰ্শন কৰিলে কৃষিমন্ত্ৰী অতুল বৰাই ৷ পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীয়ে কয়, অসমত কেঁচুসাৰ বা জৈৱিক সাৰ বহলভাৱে প্ৰয়োগ কৰাৰ ক্ষেত্ৰত চৰকাৰে বিশেষ চিন্তা-চৰ্চা কৰিছে ৷

Atul Bara visited Vermicompost farm
নলবাৰীত কেঁচুসাৰ ফাৰ্ম পৰিদৰ্শন কৃষিমন্ত্ৰী অতুল বৰাৰ

নলবাৰী, 24 নৱেম্বৰ : নলবাৰীত উপস্থিত হৈ কৃষি মন্ত্ৰী অতুল বৰাই পৰিদৰ্শন কৰিলে কনিকা তালুকদাৰৰ "জয় ভাৰ্মি কম্পোজ" ফাৰ্ম (Agriculture Minister Atul Bara visited Verme compost farm)। লগতে কণিকা তালুকদাৰৰ ঘৰত উপস্থিত হৈ কেঁ‌চুসাৰ উৎপাদন(Production of Verm compost in Nalbari) ৰ লগতে কৃষকৰ সমস্যাৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে । সেই সময়তে অসমত কেঁচুসাৰ গুণগত দিশত পৰীক্ষা কৰাৰ বাবে অসমত এটি পৰীক্ষাগাৰ স্থাপন আৰু উপযুক্ত বজাৰ এখন সৃষ্টি কৰাৰ বাবে মন্ত্ৰী অতুল বৰাক নলবাৰীৰ একাংশ কৃষকে আহ্বান জনায় ।

কৃষকৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই মন্ত্ৰী অতুল বৰাই এই সম্পৰ্কত আলোচনাৰ কৰাৰ আশ্বাস দিয়ে ৷ আনহাতে ইউৰিয়া সাৰক লৈ অসমত চলা চিণ্ডিকেটৰ সম্পৰ্কত মন্ত্ৰী অতুল বৰাই কয়, এই সম্পৰ্কত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চিন্তা-চৰ্চা কৰি থকা হৈছে ৷ ইউৰিয়া সাৰৰ চিণ্ডিকেট(Fertilizer syndicate in Assam) বন্ধ কৰাত ব্যৰ্থ হোৱা বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অতুল বৰাই কয় যে, অসমৰ ৰাইজে এইবোৰ চাই আছে আৰু অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

প্ৰকৃততে, অসমত যিমান সাৰ লাগে সিমান সাৰ আমদানি নহয় ৷ যাৰ বাবে একাংশ অসাধু ব্যৱসায়ীয়ে মূল্যবৃদ্ধি কৰাৰ সুযোগ গ্ৰহণ কৰি আহিছে । আনহাতে কণিকা তালুকদাৰক অসম চৰকাৰে বিশেষভাৱে সহায় কৰিব বুলিও কৃষি মন্ত্ৰী অতুল বৰাই প্ৰতিশ্ৰুতি দিয়ে ।

তদুপৰি অসমত কেঁচুসাৰ বা জৈৱিক সাৰ বহলভাৱে প্ৰয়োগ কৰাৰ ক্ষেত্ৰত চৰকাৰে বিশেষ চিন্তা-চৰ্চা কৰা বুলি মন্ত্ৰী অতুল বৰাই মন্তব্য কৰাৰ লগতে উদ্যান শষ্য উৎপাদন বৃদ্ধিৰ সম্পৰ্কতো নতুনকৈ কিছু চিন্তা কৰাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে ।

লগতে পঢ়ক: Assam Cabinet Meeting : চিকিৎসা মহাবিদ্যালয়কে ধৰি কি কি উপহাৰ পালে বঙাইগাঁওবাসীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.