ETV Bharat / state

AASU Felicitation ceremony: নলবাৰীত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান - আছু

নলবাৰীত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান । একেলগে ৩২৫ গৰাকী শিক্ষাৰ্থী আৰু ৯৬ গৰাকীকৈ শিক্ষকক সম্বৰ্ধনা । ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত তথ্য সেৱা বিভাগত দ্বিতীয় স্থানপ্ৰাপ্ত টিহুৰ বিদ্যাসাগৰ তালুকদাৰকো সম্বৰ্ধনা ৷

AASU special felicitation ceremony in Nalbari
আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান
author img

By

Published : Jul 22, 2023, 8:33 PM IST

আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান

নলবাৰী, ২২ জুলাই : নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত শনিবাৰে নলবাৰীৰ নাট্য মন্দিৰত এক "বিশেষ অভিনন্দন" অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এইবেলি অৰ্থাৎ ২০২৩ বৰ্ষত ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীৰ লগতে অধ্যয়ন কৰা শিক্ষানুষ্ঠানসমূহৰ প্ৰধান শিক্ষক বৃন্দক অভিনন্দন তথা সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে সদৌ নলবাৰী জিলা ছাত্ৰই অইন বেলিৰ দৰে এইবেলিও "বিশেষ অভিনন্দন" অনুষ্ঠান অনুষ্ঠিত কৰে ।

সেই মৰ্মে নলবাৰী নাট্য মন্দিৰ প্ৰাংগণত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, শিক্ষক জয়ন্ত পাঠক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচীব ড৹ জগদীশ শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, ৰাজ্যিক কাৰ্য নিৰ্বাহক ৰিয়াজউদ্দিন আহমেদ, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাকে প্ৰমুখ্য কৰি আছু নেতা-কৰ্মী আৰু প্ৰাক্তন ছাত্ৰ নেতা ৷

উক্ত সভাত মুঠ ৩২৫ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ৯৬ খন বিদ্যালয়ৰ প্ৰধান শিক্ষকক সম্বৰ্ধনা জনোৱা হয় । লগতে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনৰ ভিতৰত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত প্ৰথম তিনিগৰাকী ছাত্ৰ-ছাত্ৰীক বিপিন চন্দ্ৰ শৰ্মা শৈক্ষিক ন্যাসৰ পৰা "বিপিন চন্দ্ৰ শৰ্মা"সোৱঁৰণী বিশেষ বঁটা প্ৰদান কৰা হয় । ইয়াৰ পিচতে ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় । ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত তথ্য সেৱা বিভাগৰ দ্বিতীয় স্থানপ্ৰাপ্ত টিহুৰ বিদ্যাসাগৰ তালুকদাৰকো সম্বৰ্ধনা জনোৱা হয় ৷

লগতে পঢ়ক : Dihanam Workshop at Nalbari Harimandir:২৬০০ মহিলাৰে নলবাৰী হৰিমন্দিৰত দিহানাম কৰ্মশালা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.