ETV Bharat / state

‘কা’ বাতিলৰ দাবী : ৰাজ্য়জুৰি আছুৰ জোঁৰ সমদল - আছুৰ প্ৰতিবাদ

ৰাজ্যৰ ভিন্ন প্ৰান্তত শুকুৰবাৰে আছুৰ প্ৰতিবাদ ৷ ‘কা‘ বাতিলকে ধৰি আন বহু সমস্যা সমাধানৰ দাবীত জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰে আছুৱে ৷

aasu protest
আছুৰ প্ৰতিবাদ
author img

By

Published : Jan 22, 2021, 10:57 PM IST

নিউজ ডেস্ক,22 জানুৱাৰী : নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে বহুকেইটা দাবী উত্থাপনেৰে শুকুৰবাৰে সমগ্ৰ ৰাজ্যতে জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ উজনিৰ পৰা নামনিলৈ সৰ্বত্ৰে প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷

নলবাৰী : সদৌ অসম ছাত্ৰ সন্থাৰ আহবানত নলবাৰী জিলা ছাত্ৰ সন্থাই শুকুৰবাৰে ৰূপায়ন কৰে জোঁৰ সমদল কাৰ্যসূচী । ‘কা’ বাতিলৰ লগতে বিভিন্ন দাবীৰে নলবাৰী শ্বহীদ ভৱন বাকৰিৰ পৰা জোঁৰ সমদল উলিয়ায় আছুৱে ৷ লগতে আগন্তুক ২৪ জানুৱাৰীত নলবাৰীৰ কেন্দুকুছিত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ‘বিজয় সকল্প সমাৱেশ’ৰ সম্পূৰ্ণ বিৰোধিতা কৰে সংগঠনটোৱে ৷

aasu protest
নলবাৰীত আছুৰ প্ৰতিবাদ

গোলাঘাট : গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা উলিওৱা জোঁৰ সমদল কৰাত বাধা প্ৰদান গোলাঘাট আৰক্ষীৰ । ইয়াৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ সন্থাৰ কাৰ্যালয়তে জোঁৰ লৈ প্ৰতিবাদ কৰে আছুৱে ৷ বিজেপি চৰকাৰ গ’ বেক, সৰ্বানন্দ সোণোৱাল মুর্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ আদি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে গোলাঘাট আছুৱে ৷

aasu protest
গোলাঘাটত আছুৰ প্ৰতিবাদ

বৰপেটা : বৰপেটা জিলা প্ৰশাসনে শুকুৰবাৰে জিলাখনত ১৪৪ ধাৰা বলবৎ কৰাৰ পিছ মুহূৰ্ততে বৰপেটাত আৰক্ষীৰ তীব্ৰ বাধাৰ মাজতো জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰে বৰপেটা ছাত্ৰ সন্থাই ৷ ‘কা’ বাতিল, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু অসম চুক্তি অনুসৰি বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ দাবীৰ লগতে EIA ২০২০ প্ৰত্যাহাৰৰ দাবীত জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা পাচ আলি চ'কেৰে সমগ্ৰ চহৰত জোঁৰ সমদল উলিয়ায় সংগঠনটোৱে ৷

aasu protest
বৰপেটাত আছুৰ প্ৰতিবাদ

মৰাণ আৰু ডিব্ৰুগড় : প্ৰধানমন্ত্ৰী মোদীৰ আগমণক বিৰোধিতা কৰি ডিব্ৰুগড়ত সদৌ অসম ছাত্ৰ সন্থাৰ জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন ৷ প্ৰতিবাদত আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ ফলত আৰক্ষীৰ সৈতে খণ্ডযুদ্ধ য় আছু কৰ্মীৰ ৷

aasu protest
মৰাণত আছুৰ প্ৰতিবাদ

বঙাইগাঁও : নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা, EIA ২০২০ প্ৰত্যাহাৰ, অসম চুক্তি অনুসৰি জ্বলন্ত বিদেশী সমস্যা সমাধানৰ দাবীত গ্ৰহণ কৰা আছুৰ জোঁৰ সমদল কাৰ্যসূচীত বাধা প্ৰদান কৰে জিলা আৰক্ষীয়ে । বঙাইগাঁৱস্থিত শ্বহীদ ভৱনৰ পৰা জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰাৰ চেষ্টা কৰে যদিও জোঁৰ লৈ ওলোৱাৰ সময়তে বাধা প্ৰদান কৰে আৰক্ষীয়ে ।

aasu protest
বঙাইগাঁৱত আছুৰ প্ৰতিবাদ

গোৱালপাৰা : ‘কা’বাতিলৰ দাবীত শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে গোৱালপাৰা জিলা ছাত্ৰ সন্থাই জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰে । আছুৰ এই জোঁৰ সমদলত আৰক্ষী-প্ৰশাসনৰ বাধা প্ৰদান । সন্ধিয়া 7.30 বজাত গোৱালপাৰা মহাবিদ্যালয়ৰ পৰা ওলোৱা আছুৰ জোঁৰ সমদলক গোৱালপাৰা মহাবিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰতে বাধা প্ৰদান কৰে আৰক্ষীয়ে । ফলত উক্ত স্থানতে সামৰিবলগীয়া হয় এই কাৰ্যসূচী ।

aasu protest
গোৱালপাৰাত আছুৰ প্ৰতিবাদ

শদিয়া : মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত কাকপথাৰৰ লগতে ডিৰাকত জোঁৰ সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷ সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে কাকপথাৰ আঞ্চলিক মৰাণ ছাত্ৰ সন্থাই তিনিআলিস্থিত নিজ কাৰ্যালয়ৰ পৰা কাকপথাৰ থানা কাৰ্যালয়লৈ সমদল উলিয়াইছিল যদিও কাকপথাৰ তিনিআলিত বাধা প্ৰদান কৰে আৰক্ষীয়ে ৷ ইয়াৰ অন্তত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ডিৰাক চাৰিআলিত এখন প্ৰতিবাদী সভাৰ যোগেদি জোঁৰ সমদল কাৰ্যসূচী সমাপ্ত কৰে আছুৱে ৷

aasu protest
শদিয়াত আছুৰ প্ৰতিবাদ

লগতে পঢ়ক : বৰপেটাত জিলা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.