ETV Bharat / state

ঘগ্ৰাপাৰত মাটিৰ মণ্ডলৰ বিৰুদ্ধে আছুৰ অভিযোগ - Mandal issue

ঘগ্ৰাপাৰত মাটিৰ মণ্ডলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি চক্ৰ বিষয়াক স্মাৰকপত্ৰ দাখিল কৰিলে আছুৰ কৰ্মকৰ্তাই । বুধবাৰে নলবাৰীৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত উপস্থিত হয় আছুৰ একাংশ সদস্য । একাংশ মণ্ডলে কাৰ্যালয়ৰ চৌহদতে দালালৰ সহায়ত ধনৰ লেনদেন কৰাৰো অভিযোগ উত্থাপন কৰে ছাত্ৰ সন্থাই ।

AASU Protest at Nalbari
ঘগ্ৰাপাৰত মাটিৰ মণ্ডলৰ বিৰুদ্ধে আছুৰ অভিযোগ
author img

By

Published : Sep 23, 2021, 8:38 PM IST

নলবাৰী, ২৩ ছেপ্টেম্বৰ : মাটিৰ কাম কৰাৰ নামত মণ্ডলে মোটা অংকৰ ধন দাবী কৰাৰ অভিযোগ তুলি বুধবাৰে ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ নলবাৰী জিলা সমিতিৰ নেতা-কৰ্মীসকল । আছুৰ কৰ্মকৰ্তাসকলৰ অভিযোগ অনুসৰি, নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত মণ্ডলে গঢ়ি তুলিছে বৃহৎ চিণ্ডিগেট । ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অভিযোগ অনুসৰি, সকলো মাটি-বাৰীৰ কাম বৃহৎ পৰিমাণৰ ধনৰ লেনদেন কৰি সম্পন্ন কৰি আহিছে লাট মণ্ডল, একাংশ গাঁওবুঢ়া আৰু একাংশ দালালে । বুধবাৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক হীৰক জ্যোতি শৰ্মাৰ নেতৃত্বত ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাই চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি দালাল চক্ৰৰ বিৰুদ্ধে এখন স্মাৰকপত্ৰ প্ৰদান কৰে ।

ঘগ্ৰাপাৰত মাটিৰ মণ্ডলৰ বিৰুদ্ধে আছুৰ অভিযোগ

ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ইলিয়াছ আলী আৰু সম্পাদক দ্বীপ বৰুৱাই স্বাক্ষৰ কৰা এই স্মাৰকপত্ৰখনত উল্লেখ কৰা হৈছে যে, বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ ৮০ শতাংশ জনসাধাৰণ কৃষিৰ ওপৰত নিৰ্ভৰশীল । কৃষিকাৰ্যৰ লগত জড়িত ব্যক্তিসকল মাটিৰ বিভিন্ন কাম-কাজৰ বাবে কাৰ্যালয়লৈ আহিলে কোনো গুৰুত্ব নিদি বাৰে বাৰে উভতাই পঠায় বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰিছে । ফলত কৃষকসকলৰ মাটিৰ সমস্যা সমাধান নহয় আৰু এয়া এক দীৰ্ঘদিনীয়া সমস্যা বুলি অভিযোগ তুলিছে আছুৱে ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি নলবাৰী জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই কয় যে, একাংশ মণ্ডল, মহৰী, গাঁওবুঢ়া আৰু তেওঁলোকৰ লগত সহচৰ হিচাপে লাগি থকা আন একাংশ লোকে বৰ্তমান মাটি-বাৰী সম্পৰ্কীয় কাম-কাজ ঠিকা লৈ দালালৰাজ চলাই আছে ।

আনহাতে, ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক সম্পৰ্কীয় কাম-কাজত প্ৰয়োজনীয় নথি-পত্ৰৰ বাবে আয়ৰ প্ৰমাণ পত্ৰকে ধৰি বিভিন্ন কাগজ-পত্ৰ আদি মাহৰ পিছত মাহ ধৰি পৰি থাকে । সহজত কাম সম্পন্ন হোৱা ব্যৱস্থা এটা নাই বুলি তেওঁ অভিযোগ তোলে ৷ একাংশ মণ্ডলে কাৰ্যালয়ৰ চৌহদতে দালালৰ সহায়ত ধনৰ লেনদেন কৰাৰো অভিযোগ উত্থাপন কৰে ছাত্ৰ সন্থাই । সেয়ে, ৰাজহ চক্ৰৰ কাৰ্যালয়টোত দালাল চক্ৰ উৎখাৎ কৰি ৰাইজক সহায় কৰিবলৈ ছাত্ৰ সন্থাই দাবী জনায় ।

লগতে পঢ়ক:ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত ৫৭ জন চোৰাং চিকাৰীৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.