ETV Bharat / state

AASU protest in Nalbari : নলবাৰীত আছুৰ গৰ্জন

author img

By

Published : Oct 13, 2022, 7:28 PM IST

নলবাৰীত আছুৰ গণ বিক্ষোভ (AASU protest in Nalbari) ৷ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল হ’ল নলবাৰীৰ ৰাজপথ ৷ ৰাজ্যত অভাৱনীয় হাৰত হোৱা মূল্যবৃদ্ধি আৰু কৰৰ বিৰুদ্ধে নলবাৰীত আছুৱে সাব্যস্ত কৰে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ ৷

Price hoke in Assam
নলবাৰীত আছুৰ গৰ্জন

নলবাৰী, ১৩ অক্টোবৰ : ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম (Price hike in Assam)৷ দৈনিক ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিত একপ্ৰকাৰে কোঙা হৈ পৰিছে ৰাজ্যৰ সাধাৰণ জনতা ৷ আনকি বৰ্তমান এমুঠি অন্নৰ বাবেও হাহাকাৰ কৰিব লগাত পৰিছে ৰাজ্যৰ খাটি খোৱা জনতাই ৷

নলবাৰীত আছুৰ গৰ্জন

বৃহস্পতিবাৰে মূল্যবৃদ্ধিৰ প্ৰতিবাদত বহিল সদৌ অসম ছাত্ৰ সন্থা (AASU protest against price hike) ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে অত্যাধিক মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি অহাৰ সমান্তৰালকৈ অসম চৰকাৰে জনতাৰ ওপৰত জাপি দিয়া অতিৰিক্ত কৰৰ বোজাৰ বিৰুদ্ধে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী (AASU protest in Nalbari) ।

লগতে পঢ়ক : AASU protest on price hike : মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত আছুৰ প্ৰতিবাদ

জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা পি এন চি পথেৰে গৈ কলেজ ৰোডেৰে এক প্ৰতিবাদী সমদল বাহিৰ কৰে প্ৰতিবাদকাৰী আছু কৰ্মীয়ে । এই প্ৰতিবাদত নলবাৰী জিলাৰ আছুৰ সদস্যসকলৰ লগতে শতাধিক ৰাইজেও অংশগ্ৰহণ কৰে ৷ ইফালে ছাত্ৰ সন্থাৰ এই প্ৰতিবাদী দলটোৱে সমদল কৰি চহৰখনৰ মাজমজিয়াৰে প্ৰতিবাদ সাব্যস্ত কৰি গৈ থাকোতেও বাটা চ’কত আৰক্ষীয়ে বাধা প্ৰদান কৰে । যাৰ ফলত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হয় ৷

আছুৰ প্ৰতিবাদকাৰীসকলে জনসাধাৰণৰ ওপৰত সম্পত্তিৰ কৰকে ধৰি অন্যান্য কৰ জাপি দিয়াৰ তীব্ৰ বিৰোধিতা কৰে । তেওঁলোকে সম্পত্তি কৰ বৃদ্ধিৰ প্ৰস্তাৱ বাতিল কৰাৰ দাবী জনায় । আনহাতে, নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা চৰকাৰখনক প্ৰতিবাদকাৰীসকলে কঠোৰ ভাষাৰে সমালোচনা কৰে ।

লগতে প্ৰতিবাদকাৰী আছুৱে শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ অসম চৰকাৰক দাবী জনায় । অন্যথা আছুৰ নেতৃত্বত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো দাবী জনাই প্ৰতিবাদী আছু কৰ্মীয়ে ৷

লগতে পঢ়ক : AASU protest in Guwahati : মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত ছাত্র সন্থাৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.