ETV Bharat / state

নলবাৰীত AASUৰ ছাত্র সংহতি দিৱস পালন

author img

By

Published : Jun 10, 2021, 10:57 PM IST

বৃহস্পতিবাৰে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থা(AASU)ৰ ছাত্র সংহতি দিৱস(Satra Sanghati Day) পালন । নলবাৰীতো আঞ্চলিক ছাত্র সন্থাই ক'ভিড বিধি(COVID-19 protocol) মানি ছাত্র সংহতি দিৱস পালন কৰে ।

AASU observed Satra Sanghati Day at Nalbari
নলবাৰীত AASUৰ ছাত্র সংহতি দিৱস পালন

নলবাৰী, ১০ জুন: শ্বহীদ গজেন ইংতি(GAJEN INGTI) আৰু পুতুল শইকীয়া(PUTUL SAIKIA)ৰ প্ৰতি শ্ৰদ্ধা জনাই বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থা(AASU)ই ছাত্র সংহতি দিৱস(Satra Sanghati Day) পালন কৰে । ৰাজ্যৰ ভিন্ন স্থানৰ সমান্তৰালকৈ নলবাৰীতো ছাত্র সংহতি দিৱস(Satra Sanghati Day) পালন কৰে ছাত্ৰ সংগঠনটোৱে ।

নলবাৰী(NALBARI)ৰ শ্বহীদ ভৱন বাকৰিত ক'ভিড বিধি মানি অনুষ্ঠানটি আয়োজন কৰে নলবাৰী আঞ্চলিক ছাত্র সন্থাই । নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ সভাপতি ৰুবুল বৰ্মন আৰু সাধাৰণ সম্পাদক নৱ কুমাৰ ডেকাই বন্তি প্রজ্বলন কৰে । উক্ত কাৰ্যসূচীত উপস্থিত থাকে নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ উপদেষ্টা দেৱজিৎ ভট্টাচাৰ্য, অৰ্ণৱ জ্যোতি আৰ্য্য, হৰিহৰ শৰ্মা, সহকাৰী সম্পাদক ভৱেশ ডেকা, উপ-সভাপতি বিশাল বিক্ৰম চৌধুৰীৰ লগতে আছুৰ বিষয়ববীয়াসকল ।

ছাত্র পুতুল শইকীয়া আৰু গজেন ইংতিৰ নৈতিক আদৰ্শ আৰু ৰাইজৰ সামূহিক স্বাৰ্থৰ হকে দিয়া আত্মবলিদানৰ কথা স্মৰণ কৰে আছুৰ সদস্যসকলে । লগতে ৰাইজৰ স্বাৰ্থৰ হকে আৰু অন্যায়ৰ বিৰুদ্ধে আছুই সদায় মাতি যাব বুলি প্ৰতিশ্ৰুতিবদ্ধ হয় । উল্লেখ্য যে, ১৯৭৪ চনৰ আজিৰ দিনটোতে খাদ্য আন্দোলনত শ্বহীদ হৈছিল মৰিগাঁও জিলাৰ ভূৰবন্ধা গাঁৱৰ ছাত্র গজেন ইংতি আৰু পুতুল শইকীয়া ।

লগতে পঢ়ক:ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ ছাত্র সংহতি দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.