নলবাৰী, ৫ মে': দেশ তথা ৰাজ্য়ত এতিয়া তৃতীয় পৰ্যায়ৰ লক্ ডাউন । অৱশ্যে বৰ্তমান ৰাজ্যৰ কিছু কিছু জিলাত শিথিল কৰা হৈছে লক্ ডাউন । কিন্তু লক্ ডাউনৰ ফলতেই নানান সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে বিভিন্ন প্ৰকাৰে স্বনিয়োজনৰ বাট মুকলি কৰা লোকসকলে ।
লক ডাউনৰ ফলতেই নলবাৰী জিলাৰ বাঁহ-বেতৰ তথা জাপি নিৰ্মাণ কাৰ্যত জড়িত হৈ থকা শিল্পী সকলৰ অৱস্থাও শোচনীয় হৈ পৰিছে । এই সকল বাঁহ-বেতৰ শিল্পীৰ জীৱন নিৰ্বাহ সুচল হোৱাকৈ বিশেষ আৰ্থিক পেকেজ ঘোষণা কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অনুৰোধ সদৌ নলবাৰী জিলা সন্থাৰ ।
এই সন্দৰ্ভত জিলা ছাত্ৰ সন্থাই নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীক সাক্ষাৎ কৰি উপায়ুক্তৰ জৰিয়তেই মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে স্মাৰক পত্ৰ ।
আনহাতে সমান্তৰালকৈ লক্ ডাউনৰ সুযোগ লৈ অসাধু ব্যৱসায়ী চক্ৰয়ে নলবাৰী জিলাত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি সমস্যাৰ সৃষ্টি কৰি আহিছে ৷ এই অৱস্থাক নিয়ন্ত্ৰণ কৰি উচিত মূল্যত যাতে ৰাইজে খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ সক্ষম হয় তাৰো ব্যৱস্থা গ্ৰহণ কৰিবলৈও জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰি আহ্বান জনাইছে সংগঠনটোৱে ।