নলবাৰী, 17 ডিচেম্বৰঃ ৰাজ্যজুৰি অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন ৷ মঙলবাৰে ৰাজ্যৰ আন প্ৰান্তৰ লগতে নলবাৰীতো প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে৷ প্ৰতিবাদকাৰীসকলে ৰাজপথেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি চোচৰাই নি সাব্যস্ত কৰে প্ৰতিবাদ ৷
![AASU Gana Satyagraha across Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5405146_3.jpg)
হাইলাকান্দিঃ হাইলাকান্দিতো সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা সংগঠনে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই গণ সত্যাগ্ৰহ কাৰ্যসূচী পালন কৰে৷ আনহাতে, এই প্ৰতিবাদী কাৰ্যসূচী চলি থকাৰ মাজতে প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলৰ লগতে আন আন প্ৰতিবাদকাৰী লোকক আটক কৰি লৈ যায় থানালৈ লৈ যায়৷
বিলাসীপাৰাঃ বিলাসীপাৰাতো বিলাসীপাৰা মহকুমাৰ ছাত্ৰ সন্থাই,বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৩০ টা জনগোষ্ঠীয় সংগঠন আৰু ৰাইজৰ সহযোগত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত গণ সত্যাগ্ৰহ কাৰ্যসূচী পালন কৰা হয় ৷
![AASU Gana Satyagraha across Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5405146_1.jpg)
কলিয়াবৰঃ কলিয়াবৰতো নাগৰিকত্ব সংশোধনী আইন বাতিলৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত প্ৰতিবাদী সমদল উলিওৱা হয় ৷ এই প্ৰতিবাদত অসম সাহিত্য সভা, জেষ্ঠ নাগৰিক সন্মিলন,অসম সত্ৰ মহাসভা,শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, শ্ৰীমন্ত শঙ্কৰদেৱ নামধৰ্ম সমাজ, সদৌ অসম কৰ্মচাৰী সংঘ,শিক্ষক সন্মিলন,মৰিয়া যুৱ ছাত্ৰ সন্থা,কাৰ্বি ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, গোৰ্খা, বঙালী জাতীয় জনগোষ্ঠীয় আৰু সাংস্কৃতিক সংগঠন সমূহে অংশগ্ৰহণ কৰে ৷
![AASU Gana Satyagraha across Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5405146_4.jpg)
তিনিচুকীয়াঃ উজনি অসমৰ তিনিচুকীয়াৰ কাকপথাৰৰ বিভিন্ন অঞ্চলৰ কেইবা সহস্ৰাধিক ৰাইজে সমদল কৰি আহি কাকপথাৰ পুজা মন্দিৰৰ সন্মুখত হিন্দু-ইছলাম ধৰ্মী লোক সকলে একেলগে প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে৷ হিন্দু ধৰ্মৰ ৰীতি নীতি অনুসৰি গীতা পাঠ কৰাৰ লগতে ইছলাম ধৰ্মৰ লোক সকলে কোৰাণ পাঠ কৰি উচ্চতম ন্যায়লয়ৰ ৰায় অসমবাসীৰ ফালে আহিবলৈ প্ৰাৰ্থনা কৰে
গুৱাহাটী বিশ্ববিদ্যালয়ঃ নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ বিৰোধিতা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ সন্মূখত বিশ্ববিদ্যালয় আছু গোটে 'আহোৰাত্ৰ সংগ্ৰাম শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। কোনো কাৰণতে এই আইন মানি লোৱা নহয় বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে ৷
![AASU Gana Satyagraha across Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5405146_5.jpg)
বিশ্বনাথঃ বিশ্বনাথত মঙলবাৰে দিনৰ ভাগত সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰা গণ সত্যাগ্ৰহ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি হাজাৰ হাজাৰ জনতাই কঁপালে ৰাজপথ ৷
![AASU Gana Satyagraha across Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5405146_2.jpg)