ETV Bharat / state

নলবাৰীত আছুৰ বিশেষ মেধা পৰীক্ষা

author img

By

Published : Jan 23, 2021, 7:48 PM IST

লবাৰী জিলা ছাত্ৰ সন্থাই দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে বিশেষ মেধা পৰীক্ষা ৷ আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে যাতে উত্তীৰ্ণ হ’ব পাৰে সেই লক্ষ্যৰে ছাত্ৰ সন্থাই প্ৰতিবছৰে আয়োজন কৰি আহিছে মেধা পৰীক্ষা ৷

AASU_EXam nalbari
নলবাৰীত আছুৰ বিশেষ মেধা পৰীক্ষা

নলবাৰী, 23 জানুৱাৰী : অসমীয়াৰ অস্তিত্ব বজাই ৰখাৰ ৰক্ষাৰ স্বাৰ্থত বিভিন্ন সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন-2020, ই আই এ আইন বাতিল, জোৰ সমদল আদি বিভিন্ন বিক্ষোভ কাৰ্যসূচী চলি আহিছে ৷ কেৱল প্ৰতিবাদেই নহয়, ছাত্ৰ সন্থাই প্ৰতিবাদৰ সমান্তৰালভাৱে চলাই গৈছে বিভিন্ন শৈক্ষিক কাৰ্যসূচীও ৷ শনিবাৰৰ পৰা সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে বিশেষ মেধা পৰীক্ষা । দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা হৈছে সমাজ বিজ্ঞান, ইংৰাজী, গণিত আৰু বিজ্ঞান বিষয়ৰ এই বিশেষ মেধাৰ পৰীক্ষা । মূলতঃ আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰসংগ আগত ৰাখি যাতে ছাত্ৰ-ছাত্ৰীসকলে সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰে, সেই লক্ষ্যৰে ছাত্ৰ সন্থাই প্ৰতিবছৰে উক্ত মেধা পৰীক্ষা অনুষ্ঠিত কৰি আহিছে ৷

নলবাৰীত আছুৰ বিশেষ মেধা পৰীক্ষা

উল্লেখযোগ্য যে, প্ৰতি বছৰে প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে সদৌ নলবাৰী ছাত্ৰ সন্থাই আয়োজন কৰা এই বিশেষ মেধা পৰীক্ষাত অংশ গ্ৰহণ কৰা পৰিলক্ষিত হৈ আহিছে ৷ কেৱল মেধা পৰীক্ষাত অংশগ্ৰহণ কৰাই নহয়, এই বিশেষ মেধা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাতো সু-ফল দেখুৱাবলৈ সক্ষম হৈছে ৷ ইয়াৰ ফলত ৰাজ্য খনত গঢ় লৈ উঠিছে এক সুস্থিৰ শৈক্ষিক বাতাৱৰণ ৷

উল্লেখ্য যে, নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বৰবৰী আঞ্চলিক ছাত্ৰ সন্থায়ো অনুষ্ঠিত কৰিছে উক্ত বিশেষ মেধা পৰীক্ষা ।

প্ৰাপ্ত তথ্য অনুসৰি জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ২৭খন আঞ্চলিকেও এই পৰীক্ষাৰ আয়োজন কৰিছে ।

লগতে পঢ়ক : শনিবাৰে দেশজুৰি পালন নেতাজীৰ 125 তম জন্ম জয়ন্তী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.