নলবাৰী, 23 অক্টোবৰ: বৰভাগ অঞ্চলৰ বিভিন্ন পঞ্চায়তত আঁচনি ৰূপায়ণৰ নামত ব্যাপক দূৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ ৷ এই অভিযোগ সন্দৰ্ভত তদন্তৰ দাবীৰে শুকুৰবাৰে এক প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে বৰভাগ আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰভাগ আঞ্চলিক সমিতিয়ে ৷

কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে অংশ লোৱা বিক্ষোভ কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে বি জে পি চৰকাৰ মূৰ্দাবাদ, অসম চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী হায় হায়, পঞ্চায়ত মন্ত্ৰী নৱ দলে হায় হায় আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷ ক্ষুদ্ৰ দিংদিঙিৰ পৰা বাহিৰ হোৱা এই প্ৰতিবাদী সমদলৰ বিক্ষোভ কাৰ্যসূচী কমাৰকুছি চ'কত সামৰণি পৰে ৷
লগতে পঢ়কঃ সদস্য সাংবাদিকৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰশংসনীয় পদক্ষেপ