ETV Bharat / state

সুধাকণ্ঠৰ অন্তিম শয়নৰ ভাস্কৰ্য অংকন

কিশোৰ বেজবৰুৱা নামৰ এগৰাকী নলবাৰীৰ যুৱকে সাজি উলিয়াইছে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ অন্তিম শয়নৰ দৃশ্য ৷ ইয়াৰোপৰি কিশোৰে চন্দন কাঠত দেশৰ ভিতৰতে ক্ষুদ্ৰতম এটি হাতী অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে ৷

author img

By

Published : Nov 5, 2020, 5:07 PM IST

a sculpture draw last moment of bhupen hazarika in wood nalbari assam etv bharat news
সুধাকণ্ঠৰ অন্তিম শয়নৰ ভাস্কৰ্য অংকন

নলবাৰী,5 নৱেম্বৰ: ভাস্কৰ্য শিল্পৰ সৈতে দীৰ্ঘদিনৰ পৰা জড়িত হৈ আহিছে এগৰাকী যুৱক ৷ নলবাৰীৰ বগৰীহাটীৰ বাসিন্দা যুৱকগৰাকীৰ নাম কিশোৰ বেজবৰুৱা ৷ ইতিমধ্যে যুৱকগৰাকীয়ে কাঠেৰে সাজি উলিয়াইছে হাতী, গঁড়, কাছকে ধৰি অন্যান্য বহুকেইটা মূৰ্তি ৷ শেহতীয়াকৈ যুৱকগৰাকীয়ে নিৰ্মাণ কৰিছে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ অন্তিম শয়নৰ এক ভাস্কৰ্য ৷ প্ৰায় 7 ফুট দৈৰ্ঘৰ এই ভাস্কৰ্য সংৰক্ষণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যুৱকগৰাকীয়ে ৷

এগৰাকী যুৱকৰ অভিনৱ প্ৰচেষ্টা

ইয়াৰোপৰি কিশোৰে চন্দন কাঠত দেশৰ ভিতৰতে ক্ষুদ্ৰতম এটি হাতী অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে ৷ যুৱকগৰাকীৰ এনেবোৰ কাৰ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ কিশোৰে প্ৰস্তুত কৰা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ অন্তিম শয়নৰ এই ভাস্কৰ্য সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে নলবাৰী জিলা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে ৷

লগতে চাওকঃ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.