ETV Bharat / state

বানৰ মাজত কেনেকৈ জীৱন কটাইছে স্বামীহাৰা অৰ্পণাই... - Nalbari Barbhag

বানে জুৰুলা কৰা বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত পাণ্ডুলাৰ নিবাসী মহিলাগৰাকীয়ে একমাত্ৰ সন্তানটোৰ সৈতে নীৰৱে অতিবাহিত কৰিছে জীৱন ৷ সন্তানৰ আঢ়ৈ বছৰ বয়সতে স্বামীক হেৰুওৱা মহিলা গৰাকীয়ে আনৰ ঘৰত কাম কৰি পোহপাল দিবলৈ বাধ্য হৈছে দুজনীয়া পৰিয়ালটোক ৷ মহিলাগৰাকীৰ খবৰ লবলৈ স্থানীয় জনপ্ৰতিনিধিৰো নাই আহৰি ৷

A sad story of a woman from nalbari assam etv bharat news
অস্বাস্থ্যকৰ পৰিৱেশত বসবাস
author img

By

Published : Jul 14, 2020, 1:50 PM IST

নলবাৰী,14 জুলাই: জীৱনৰ প্ৰত্য়াহ্বান গ্ৰহণ কৰি একাণপতীয়াকৈ সংগ্ৰাম চলাই গৈছে নলবাৰীৰ এগৰাকী মহিলাই ৷ বানে জুৰুলা কৰা বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত পাণ্ডুলা নিবাসী মহিলাগৰাকীয়ে একমাত্ৰ সন্তানটোৰ সৈতে নীৰৱে অতিবাহিত কৰিছে জীৱন ৷ সন্তানৰ আঢ়ৈ বছৰ বয়সতে স্বামীক হেৰুওৱা মহিলা গৰাকীয়ে আনৰ ঘৰত কাম কৰি পোহপাল দিবলৈ বাধ্য হৈছে দুজনীয়া পৰিয়ালটোক ৷

অস্বাস্থ্যকৰ পৰিৱেশত বসবাস

বানে বিধ্বস্ত কৰা অঞ্চলটোৰ এক জৰাজীৰ্ণ পৰিৱেশত বাস কৰিবলৈ বাধ্য হোৱা মহিলাগৰাকীৰ ঘৰৰ চৌদিশে পৰিলক্ষিত হৈছে কেৱল পানী ৷ মুঠৰ ওপৰত এক অস্বাস্থ্যকৰ জীৱন কটোৱা মহিলাগৰাকীয়ে স্বামীৰ মৃত্যুৰ পিছত লাভ কৰা নাই পেঞ্চন ৷ চৰকাৰে দৰিদ্ৰ পৰিয়ালসমূহৰ বাবে মুকলি কৰা বাৰেবৰহণীয়া আঁচনিসমূহৰ কোনো আঁচনিৰে সুবিধা আজিকোপতি লাভ নকৰিলে অৰ্পণা মেধী নামৰ মহিলাগৰাকীয়ে ৷ ওচৰ-চুবুৰীয়াকে একমাত্ৰ সাৰথি হিচাপে গ্ৰহণ কৰি জীৱন সংগ্ৰামত বৰ্তমান ব্যস্ত হৈ পৰিছে মহিলাগৰাকী ৷ মহিলাগৰাকীৰ খবৰ লবলৈ সম্প্ৰতি স্থানীয় জন প্ৰতিনিধিৰ নাই আহৰি ৷

লগতে চাওকঃ বৰঘূলীত বিধ্বংসী ৰূপ ধাৰণ কৰিছে লুইতৰ বানে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.