ETV Bharat / state

নলবাৰীত পথ দুৰ্ঘটনাত আৰক্ষী নিহত

নলবাৰীৰ জয়মঙলাত সংঘটিত পথ দুৰ্ঘটনাত এগৰাকী আৰক্ষী কনিষ্টবল নিহত ৷ সনাতন বৰ্মন নামৰ কনিষ্টবলগৰাকী শোলমাৰা আৰক্ষী চকীত কৰ্মৰত আছিল ৷

author img

By

Published : Jun 16, 2021, 9:20 AM IST

police constable was dead
নলবাৰীৰ এক পথ দুৰ্ঘটনাত এজন আৰক্ষী কনিষ্ঠবল নিহত

নলবাৰী,16 জুন : নলবাৰীৰ জয়মঙলাত মঙলবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাটোত আৰক্ষীৰ এজন কনিষ্টবল নিহত হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি, স্কুটীৰে কৰ্তব্যৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত দুৰ্ঘটনাত পতিত হয় সনাতন বৰ্মন নামৰ কনিষ্টবল গৰাকী ৷

শোলমাৰা আৰক্ষী চকীত কৰ্মৰত বৰ্মন থিতাতে নিহত হয় ৷ AS 01 DZ 4693 নম্বৰৰ স্কুটীৰে সনাতন বৰ্মনে বানেকুছিস্থিত ঘৰলৈ আহি থকা অৱস্থাত এটা গৰুক খুন্দিওৱাৰ ফলত দুৰ্ঘটনাত পতিত হোৱাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : এবছৰে ন্যায়ৰ পৰা বঞ্চিত বৰহোলাৰ জয়ন্ত বৰাৰ পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.