নলবাৰী,4 অক্টোবৰ : নলবাৰী আৰক্ষীৰ বৃহৎ সফলতা ৷ নলবাৰী আৰক্ষীৰ জালত পৰিছে পিষ্টলধাৰী এজন যুৱক ৷ আটকাধীন যুৱক জনৰ নাম ৰিতু দাস ৷ সোমবাৰে নলবাৰীৰ শইকীয়া পেট্ৰ'ল পাম্পৰ কাষৰ এখন ধাবাৰ পৰা ৰিতু দাসক আটক কৰে নলবাৰী আৰক্ষীয়ে । জানিব পৰা মতে, এক অপৰাধৰ গোচৰত কাৰাবন্দী হৈ থকা ৰিতু দাস মাত্ৰ তিনিদিন পূৰ্বে কাৰাগৰ পৰা ওলাই আহিছিল মুকলি আকাশৰ তললৈ ৷
তিনিটা দিন মুকলি আকাশৰ তলত থকাৰ পাচত পুনৰ আৰক্ষীৰ জালত পৰিছে অভিযুক্ত ৰিতু ৷ অভিযোগ অনুসৰি, পূৰ্বেও বিভিন্ন অপৰাধজনিত ঘটনাৰ লগত জড়িত আছে অভিযুক্ত ৰিতু ৷ উল্লেখ্য যে, আটকাধীন ৰিতুৰ ঘৰ নলবাৰীৰ বৰসৰকুছিত বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: লাহৰিজানত হেৰ'ইনসহ সৰবৰাহকাৰীক আটক