ETV Bharat / state

মুকালমুৱাত বজ্ৰপাতত গুৰুতৰভাৱে আহত কিশোৰী

author img

By

Published : Jun 1, 2021, 8:22 AM IST

Updated : Jun 1, 2021, 1:53 PM IST

মুকালমুৱাৰ জয়সাগৰত বজ্ৰ পৰি গুৰুতৰভাৱে আহত হৈছে এগৰাকী কিশোৰী । সংকটজনক অৱস্থাত জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে আহত কিশোৰী গৰাকীক ৷

মুকালমুৱাত বজ্ৰপাতত গুৰুতৰভাৱে আহত কিশোৰী
মুকালমুৱাত বজ্ৰপাতত গুৰুতৰভাৱে আহত কিশোৰী

নলবাৰী,1 জুন: সোমবাৰে মুকালমুৱাৰ জয়সাগৰত বজ্ৰ পৰি গুৰুতৰভাৱে আহত হৈছে এগৰাকী কিশোৰী । সংকটজনক অৱস্থাত জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে মুকালমুৱাৰ কিশোৰী গৰাকীক ৷ জানিব পৰা মতে, আহত কিশোৰী গৰাকী জয়সাগৰ গাঁৱৰ কেশৱ বৰ্মনৰ তেৰ বছৰীয়া কন্যা প্ৰীতিকা বৰ্মন । ঘৰৰ পিছফালে আম বুটলিব যাওতে বজ্ৰ পৰি আহত হয় কিশোৰী গৰাকী ৷

মুকালমুৱাত বজ্ৰ পৰি গুৰুতৰ ভাবে আহত কিশোৰী

সংকটজনক অৱস্থাত আহত কিশোৰী গৰাকীক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে আহত কিশোৰীগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৷

কিশোৰী গৰাকীক উন্নত চিকিৎসা কৰিবলৈ পিতৃ কেশৱ বৰ্মন আৰ্থিকভাৱে দুৰ্বল । যাৰ ফলত অসহায় হৈ পৰিছে কিশোৰী গৰাকীৰ পিতৃ-মাতৃ । কিশোৰী গৰাকীৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰৰ পৰা সহায় বিচাৰিছে দৰিদ্ৰ পৰিয়ালটিয়ে ।

লগতে পঢ়ক: শিৱসাগৰত মেঘ বিস্ফোৰণ

Last Updated : Jun 1, 2021, 1:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.