ETV Bharat / state

নিচা জাতীয় সামগ্ৰী সহ এজন লোকক আটক নলবাৰী আৰক্ষীৰ - কৰেস্ক জব্দ

ৰাজ্যৰ অন্য প্ৰান্তৰ সদৰে নলবাৰী সদৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে ধাৰাবাহীক ড্ৰাগছ বিৰোধী অভিযান ৷ শুকুৰবাৰে এক অভিযান চলাই বৃহৎ পৰিমাণৰ কৰেস্ক সহ এজন লোকক আটক কৰে নলবাৰী সদৰ আৰক্ষীয়ে ৷

nalbari police
নিচা জাতীয় সামগ্ৰী সহ এজন লোকক আটক নলবাৰী আৰক্ষীৰ
author img

By

Published : Jun 18, 2021, 9:55 PM IST

নলবাৰী, 17 জুন : ড্ৰাগছ তথা নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নলবাৰীৰ সদৰ আৰক্ষীয়ে ৷ শুকুৰবাৰে জিলাখনৰ সদৰ আৰক্ষী পয়লাত এক অভিযান চলাই বৃহৎ পৰিমাণৰ নিচা জাতীয় সমাগ্ৰী সহ এজন লোকক আটক কৰে ৷ আৰক্ষীয়ে সদৰি কৰা মতে এই নিচা জাতীয় সামগ্ৰী সৰবৰাহৰ লগত জড়িত থকা অপৰাধত আটক হোৱা লোকজনৰ নাম বাবামনি ৷ এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ বিষয়া বিশ্বজ্যোতি দুৱৰীৰ নেতৃত্বত নলবাৰী সদৰ আৰক্ষীয়ে বাবামনি ঘৰত চলাইছিল এক অভিযান ৷ অভিযান কালত বৃহৎ পৰিমাণ কৰেস্ক জব্দ কৰে নলবাৰী আৰক্ষীয়ে ৷

জানিব পৰা মতে বাবামনিয়ে নলবাৰী সদৰ অঞ্চলৰ লগতে বিভিন্ন ঠাইত মাৰাত্মক ড্ৰাগছৰ লগতে বিভিন্ন নিচা জাতীয় সামগ্ৰী সৰবৰাহ কৰি আহিছিল ৷ বাবামনিৰ ড্ৰাগছ সসৰবৰাহৰ লগত আৰু বহু কেইজন লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ এই সন্দৰ্ভত অধিক তথ্যৰ বাবে বাবামনি নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও নলবাৰীৰ বেলশৰ আৰক্ষীৰ জালত পৰিছিল দুই ড্ৰাগছ সৰবৰাহকাৰী । 7 জুনত বেলশৰ আৰক্ষীয়ে চলোৱা এক অভিযানত পশ্চিম নলবাৰীৰ কালোপাৰা পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আটক হৈছিল দুই সৰবৰাহকাৰী ৷ চামতাৰ পৰা কৈঠালকুছি অভিমুখে আহি থকা AS-01AW-1444 নম্বৰৰ এখন চাৰিচকীয়া বাহনত তালাচী চলাই ড্ৰাগছসহ দুই সৰবৰাহকাৰী আটক কৰিছিল বেলশৰ আৰক্ষীয়ে ৷ কেৱল নিচাজাতীয় সামগ্ৰী নহয়, অবৈধ সৰবৰাহৰ বিৰুদ্ধেও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷

লগতে পঢ়ক: ভাৰতীয় সেনাত পদ মুকলি : কেনেদৰে কৰিব আবেদন ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.