নলবাৰী, 26 মাৰ্চ : অসম মজলীয়া স্কুল শিক্ষক সন্থাৰ 54 সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনখন দুদিনীয়াকৈ অনুষ্ঠিত হয় নলবাৰী নাট্য মন্দিৰত ৷ 25 মাৰ্চৰ পৰা 26 মাৰ্চলৈ নলবাৰী নাট্য মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হয় এই দ্বি-বাৰ্ষিক অধিবেশনখনিৰ ৷ 25 মাৰ্চত প্ৰতিনিধি পঞ্জীয়নৰ পিছতে কাৰ্যনিৰ্বাহক সভাৰ অন্তত বিয়লি প্ৰতিনিধি সভাৰ প্ৰথম বৈঠকৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ অন্ত পৰে ৷ আনহাতে 26 মাৰ্চৰ ৰাতিপুৱা 54 সংখ্যক অধিৱেশনৰ সৈতে সংগতি ৰাখি পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় (Assam ME School Teachers Association) ৷
পুৱা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ কলিতা, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা, অসম কৃষি বিপণন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱা, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড৹ দীপক কুমাৰ শৰ্মাৰ লগতে সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থাৰ লগতে নলবাৰী জিলা মজলীয়া স্কুল সন্থাৰ বিষয় ববীয়াসকল (Assam ME School Teachers Association session at Nalbari) ৷
26 মাৰ্চৰ দিনা অনুষ্ঠিত হোৱা এই মুকলি সভাতে স্মৃতিগ্ৰন্থ 'শিক্ষা প্ৰদীপ’' উন্মোচন কৰে নাৰায়ণ ডেকাই ৷ ইপিনে নলবাৰী জিলা মজলীয়া বিদ্যালয় শিক্ষক সন্থাৰ মুখপত্ৰ 'মঞ্জুৰী' উন্মোচন কৰে অসম কৃষি বিপনন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱাই ৷ শিক্ষক সমাজৰ বিভিন্ন অভাৱ অভিযোগৰ বিষয়ে চৰকাৰৰ ওচৰত অৱগত কৰাবলৈ অসম মজলীয়া স্কুল শিক্ষক সন্থাই গ্ৰহণ কৰা এই কাৰ্যক সফলৰূপে পৰিচালনা কৰে অনুষ্ঠানৰ উদ্যোক্তাসকলে (54 th session of ME School Teachers Association) ।
কেন্দ্ৰীয় চৰকাৰৰ নতুন পেঞ্চন নীতিয়ে শিক্ষক সমাজৰ পেঞ্চন নীতিত তথা নতুন পেঞ্চন নীতিয়ে বাৰুকৈয়ে যে প্ৰভাৱ পেলাব, সেই সন্দৰ্ভত এই অধিৱেশনতেই বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত আলোচনা কৰা হয় ৷ লগতে, এই অধিৱেশনথলীৰ পৰাই শিক্ষক সমাজৰ সমস্যবোৰক চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ প্ৰয়াস কৰে উদ্যোক্তাসকলে (New pension policy)।
লগতে পঢ়ক : Rahul Gandhi Press conference : সাংবাদিকক কিয় সমালোচনা কৰিলে ৰাহুল গান্ধীয়ে ?