নলবাৰী, ২৬ ডিচেম্বৰ: সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক (AASU) তথা মাধ্যম আন্দোলনৰ কৰ্ণধাৰ প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ স্মৃতিত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰীৰ নাট্য মন্দিৰত সদৌ অসম প্ৰসন্ন নাৰায়ণ চৌধুৰী একাংক নাট প্ৰতিযোগিতা (33th Prasanna Narayan Chodhury Memorial Drama) । অহা ২৮, ২৯ আৰু ৩০ ডিচেম্বৰত নলবাৰীৰ নাট্য মন্দিৰত অনুষ্ঠিত হ’ব এই নাট প্ৰতিযোগিতাখনি । আজি নলবাৰী শ্বহীদ ভৱনৰ বাকৰিত আয়োজিত এক সংবাদমেলত এই কথা জানিবলৈ দিয়ে আয়োজক সমিতিয়ে (Nalbari Shaheed Bhawan) ৷
২৮ ডিচেম্বৰে অৰ্থাৎ বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলনেৰে আৰম্ভ হ’ব লগা অনুষ্ঠানটোত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকে ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব ৷ লগতে ৩৩ সংখ্যক প্ৰসন্ন নাৰায়ণ চৌধুৰী সদৌ অসম একাংক নাট প্ৰতিযোগিতা পৰিচালনা সমিতিৰ পতাকা উত্তোলন কৰিব নাট প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সভাপতি ভৱজিৎ বেজবৰুৱাই আৰু ৩২ খন পতাকা উত্তোলন কৰিব নলবাৰীৰ সমাজ জীৱনৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলে (Prasanna Narayan Chowdhury leader of media movement) ।
পুৱা ১০-১৫ বজাত শ্বহীদ তৰ্পণ কৰিব সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই আৰু মাল্যাৰ্পণ কৰিব নলবাৰী জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই । পুৱা ১০-৪৫ বজাত প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰিব নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি অজিত ভাগৱতী আৰু মাল্যাৰ্পণ কৰিব নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক হৰিমোহন তহবিলদাৰে ।
দিনটোৰ বিভিন্ন কাৰ্যসূচীৰ পিছত সন্ধিয়া ৫ বজাত ৩৩ সংখ্যক পি এন চি সদৌ অসম একাংক নাট প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সভাপতি ভৱজিৎ বেজবৰুৱাৰ সভাপতিত্বত হ’ব লগা উদ্বোধনী অনুষ্ঠানত প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ লগতে বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকিব নলবাৰী জিলাৰ উপায়ুক্ত গীতিমণি ফুকন, নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিং, সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰিয়াজউদ্দিন আহমেদ, বিশিষ্ট অধিবক্তা তথা সমাজকর্মী অজন্ত তালুকদাৰ আৰু নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা ।
ইয়াৰ বিশিষ্ট নাট্যকাৰ প্ৰহাস ভট্টাচাৰ্য আৰু বিশিষ্ট শিল্পী আমিনা দেৱানক 'শিল্পী সম্বৰ্ধনা' জনোৱা হ’ব । সন্ধিয়া ৭ বজাত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীয়ে নাট প্ৰতিযোগিতা উদ্বোধন কৰিব । ২৯ ডিচেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে দ্বিতীয় দিনৰ নাট উদ্বোধনী অনুষ্ঠানত প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰিব বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা প্ৰাক্তন ছাত্ৰ নেতা ড৹ বীৰেন কুমাৰ চক্ৰৱৰ্তীয়ে, স্মৃতিগ্ৰন্থ উন্মোচন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই । সন্ধিয়া ৬-১৫ বজাত নাট প্ৰতিযোগিতা উদ্বোধন কৰিব বিশিষ্ট চিকিৎসক, লেখক ডাঃ শুভ্ৰ কিংকৰ গোস্বামীয়ে ৷
৩০ ডিচেম্বৰ শুক্ৰবাৰে আবেলি ৪-৩০ বজাত ৩৩ সংখ্যক পি. এন. চি. সদৌ অসম একাংক নাট প্ৰতিযোগিতা পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি দেৱজিৎ ভট্টাচার্যৰ সভাপতিত্বত বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকিব প্ৰাগজ্যোতিষ মহাবিদ্যালয়, গুৱাহাটীৰ অধ্যক্ষ মনোজ মহন্ত, বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিৰিঞ্চি চৌধুৰী, বিশিষ্ট সমাজকৰ্মী গণেশ ৰায় মেধি, নৰ্থ-ইষ্ট কেন্সাৰ ইনষ্টিটিউত, গুৱাহাটীৰ অধ্যক্ষ গণেশ তামুলী, বিশিষ্ট সমাজকৰ্মী পংকজ বৈশ্য, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত আৰু অনুষ্ঠান প্ৰযোজক বিভু দত্ত ।
নাট প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সভাপতি ভৱজিৎ বেজবৰুৱা, কাৰ্যকৰী সভাপতিদ্বয় দেবজিৎ ভট্টাচাৰ্য আৰু জিতু শৰ্মা সম্পাদক ৰুবুল বৰ্মন আৰু নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশাল বিক্ৰম চৌধুৰী আৰু সাধাৰণ সম্পাদক ভৱেশ ডেকাই এই অনুষ্ঠানত সকলো নাট্য প্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে ।
লগতে পঢ়ক: Biennial Session of CSU: ৰাজগড় আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশনৰ সামৰণি