ETV Bharat / state

নলবাৰীত কেন্দ্ৰীয়ভাৱে উদযাপন INC ৰ ১৩৯ তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 2:32 PM IST

INC Foundation Day : নলবাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ১৩৯ তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন । এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে ভূপেন বৰা ৷

139th INC Foundation Day celebrates in Nalbari
INC ৰ প্ৰতিষ্ঠা দিৱস উদযাপন
INC ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

নলবাৰী, ২৮ ডিচেম্বৰ : ১৩৯ বছৰীয়া হ’ল ভাৰতীয় জাতীয় কংগ্ৰেছ ৷ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে নলবাৰীৰ ৰাজীৱ ভৱনত কেন্দ্ৰীয়ভাৱে অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে উদযাপন কৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত নলবাৰীৰ ঐতিহ্যমণ্ডিত পবিত্ৰ শ্ৰীশ্ৰী হৰি মন্দিৰত সেৱা লৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই শুভাৰম্ভ কৰে এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৷

তাৰ পাচতে হৰি মন্দিৰৰ বাকৰিৰ পৰা বাহিৰ কৰা হয় এক পদযাত্ৰা । এই পদযাত্ৰাত অংশগ্ৰহণ কৰে সভাপতি ভূপেন বৰাৰ লগতে বিধায়িকা নন্দিতা দাস, বিধায়ক দিগন্ত বৰ্মন, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক প্ৰদ্যুৎ ভূঞা, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী, অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দিব্যজ্যোতি হালৈকে ধৰি বহু নেতা-কৰ্মীয়ে ।

ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশ লৈ আগন্তুক নিৰ্বাচন সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কেতবোৰ মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ ‘‘আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যৰ ১৪ টা সংসদীয় সমষ্টিত বিৰোধী মিত্ৰজোঁটৰ ১৫ টা দলৰেই প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰোৱা হ’ব । প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত ব্যক্তি স্বাৰ্থক পৰিহাৰ কৰা হ’ব ।’’ তেওঁ কয় ৷

ইফালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ভূপেন বৰাক গাঁৱে গাঁৱে যাবলৈ জনোৱা আহ্বান সন্দৰ্ভতো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘কংগ্ৰেছ দলে বিজেপিতকৈ বেছি ৰাইজৰ কাষত আছে । ৰাইজৰ কাষলৈ যোৱাৰ ক্ষেত্ৰ কংগ্ৰেছ তথা বিৰোধী দলসমূহ বিজেপিতকৈ আগত আছে’’ । ভাৰত জোড়ো যাত্ৰাৰ পিচত ৰাহুল গান্ধীয়ে আৰম্ভ কৰা ন্যায় যাত্ৰা অসমতো অতিশীঘ্ৰে চলিব বুলি উল্লেখ কৰি উত্তৰ পূবৰ মণিপুৰৰ পৰা এই যাত্ৰাৰ শুভাৰম্ভ হ’ব বুলি তেওঁ মন্তব্য কৰে ৷

ইফালে শাসকীয় দলটিয়ে সততে কংগ্ৰেছ দলক এটি ক্লাৱ বুলি কৰি অহা তুচ্ছ-তাচিল্যৰো তেওঁ‌ প্ৰত্যুত্তৰ দিয়ে । বৰাই কয়, ‘‘আমাক কি কয় কওঁ‌ক তাত আমাৰ আপত্তি কৰিব লগা নাই । আধুনিক অসমৰ মুখ্যমন্ত্ৰীৰ অন্তৰ বৰ্ণবাদৰ বৈষম্যৰে ভৰি আছে । মুখ্যমন্ত্ৰীয়ে জাতিক লৈ ঘৃণনীয় ৰাজনীতি কৰিছে । ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে লোকসভা নিৰ্বাচনত দিব’’ ৷

লগতে পঢ়ক : ভাৰতীয় জাতীয় কংগ্ৰেছৰ 138 বছৰীয়া ইতিহাসৰ অৱলোকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.