ETV Bharat / state

কলিয়াবৰত অচিন ৰোগত আক্ৰান্ত যুৱক

author img

By

Published : Jul 4, 2020, 6:58 AM IST

এক অচিন ৰোগত আক্ৰান্ত কলিয়াবৰৰ কলিয়‍াবৰ যুৱক জীতেন বৰা । আধুনিক চিকিৎসা বিজ্ঞানেও চিনাক্ত কৰিব পৰা নাই কি ৰোগত আক্ৰান্ত যুৱকজন ।

Youth Suffers from Unknown Disease at Kaliabor
কলিয়াবৰত এক অচিন ৰোগত আক্ৰান্ত এজন যুৱকঅৰ্থৰ অভাৱত ভাৰাক্ৰান্ত পিতৃ-মাতৃ

নগাঁও, 4 জুলাই : কলিয়াবৰৰ জমখলা গাঁৱৰ ভোগেশ্বৰ বৰা আৰু তিলেশ্বৰী বৰাৰ একমাত্ৰ পুত্ৰ জীতেন বৰা এক অচিন ৰোগত আক্ৰান্ত হৈ ঘৰতে বন্দী হৈ আছে । দিন হাজিৰা কৰি পৰিয়ালক পোহপাল দিয়া জীতেনৰ চিকিৎসা ব‍্যয় কৰিবলৈ গৈ দিশহাৰা হৈছে বৃদ্ধ পিতৃ-মাতৃ ৷ একমাত্ৰ পুত্ৰক আৰোগ‍্য কৰাৰ সকলো প্ৰচেষ্টা এক প্ৰকাৰ নিষ্ফল হৈছে দৰিদ্ৰ পিতৃ-মাতৃৰ ।

কলিয়াবৰত অচিন ৰোগত আক্ৰান্ত যুৱক

পুত্ৰৰ উন্নত চিকিংসাৰ বাবে প্ৰয়োজন হোৱা অৰ্থৰ যোগাৰ কৰিবলৈ অপাৰগ দম্পতিহালে বৰ্তমান সহায় বিচাৰিছে কোনো হৃদয়বান লোকৰ ৷ প্ৰায় দুবছৰৰ আগতে দেখা দিয়া ৰোগটোৰ চিকিৎসাৰ বাবে ঘৰৰ এটা-এটাকৈ সম্পত্তি বিক্ৰী কৰি এতিয়া দুৰ্দশাগ্ৰস্ত জীতেনৰ ঘৰখন । একমাত্ৰ পুত্ৰৰ চিকিৎসাৰ ব‍্যয় যোগাৰ কৰিবলৈ আনৰ মুখলৈ চাবলগীয়া হৈছে দুৰ্ভগীয়া পিতৃ-মাতৃ । সেয়ে কোনো লোকে সহায় কৰিব বিচাৰিলে আমাক জনাব পাৰে ৷

Youth Suffers from Unknown Disease at Kaliabor
কলিয়াবৰত অচিন ৰোগত আক্ৰান্ত যুৱক

লগতে পঢ়ক : ৰাজ্যৰ 20 খন জিলা জলমগ্ন : 35 গৰাকী মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.