ETV Bharat / state

মীন পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বটদ্ৰৱাৰ ফাৰুকৰ

মৎস্য পালনেৰে স্বাৱলম্বী হৈ আশাৰ বতৰা কঢ়িয়াই আনিছে বটদ্ৰৱাৰ এজন যুৱকে । কৰ’ণা মহামাৰীৰ মাজতো আন কেইবাটাও পৰিয়ালক সংস্থাপন দিয়ে যুৱকজনে ৷ নৱ প্ৰজন্মৰ এনে নিদৰ্শনক সকলোৰে প্ৰশংসা ৷

author img

By

Published : Sep 5, 2021, 12:42 PM IST

youth-shows-way-to-selfemployment-through-pisiculture
মীন পালনেৰে স্বাৱলম্বীতাৰ নিদৰ্শন বটদ্ৰৱাৰ ফাৰুক আব্দুল্লাৰ

চামগুৰি, 5 ছেপ্তেম্বৰ : মনত যদি আশা থাকে লক্ষ্য স্থিৰ কৰি কৰ্ম কৰিলে, এদিন নহয় এদিন আপুনি সফল হ’বই । ইয়াৰে নিদৰ্শন দাঙি ধৰিলে বটদ্ৰৱাৰ শিলপুখুৰীৰ ফাৰুক আব্দুল্লাই । ফাৰুক আব্দুল্লাই সম্পূৰ্ণ নিজা প্ৰচেষ্টাত উৎপাদন কৰিবলৈ সক্ষম হৈছে বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা ।

youth-shows-way-to-selfemployment-through-pisiculture
মীন পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বটদ্ৰৱাৰ ফাৰুকৰ

যি সময়ত ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলে কৰ্ম সংস্থাপন বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে, সেই সময়ত এই যুৱকজনে নিজ কৰ্মৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে কেইবাটাও পৰিয়ালক দিছে সংস্থাপন । যুৱকজনে কোনো প্ৰশিক্ষণ নোলোৱাকৈ উৎপাদন কৰিবলৈ সক্ষম হৈছে কাৱৈ, শিঙি, মাগুৰ আদি মাছৰ পোনা ।

শিলপুখুৰীৰ ফাৰুক আব্দুল্লাই কৃত্ৰিম পদ্ধতিৰে উৎপাদন কৰিবলৈ সক্ষম হৈছে থলুৱা প্ৰজাতিৰ মাছৰ পোনা । ফলত মীন পালকসকলে এতিয়া উন্নত মানৰ মাছৰ পোনা বিচাৰি যাব নালাগে দূৰলৈ । অৱশ্যে এতিয়ালৈকে এইজন পোনা উৎপাদনকাৰী যুৱকে চৰকাৰ তথা মীন বিভাগৰ পৰা লাভ কৰা নাই কোনো ধৰণৰ প্ৰশিক্ষণ তথা সাহায্য ।

পোনা ব্যৱসায়ী ফাৰুক আব্দুল্লাই বিলুপ্তপ্ৰায় থলুৱা প্ৰজাতিৰ মাছ যেনে- কাৱৈ, শিঙি, মাগুৰ, গৰৈ, শ'ল, শাল, পাভ, বামি, টোৰা, শিঙৰা আদি মাছৰ পোনা উৎপাদন কৰি মীন পালকসকলক যোগান ধৰাৰ কথাও ব্যক্ত কৰে । যাৰ বাবে যুৱকজনে চৰকাৰৰ ওচৰত সহায় বিচাৰিছে ৷ লগতে মীন বিভাগক তেওঁক প্ৰশিক্ষণ দিয়াৰ বাবে ব্যৱস্থা কৰাৰ দাবী জনাইছে ।

লগতে পঢ়ক : লংকাত শৃংখল চলিহাৰ প্ৰসংগক লৈ দুই ফৈদৰ প্ৰচণ্ড মাৰপিট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.