বঢ়মপুৰ, 25 মে': কামপুৰৰ কপিলী নদীত সন্ধানহীন এজন যুৱক । গাড়ীৰ পৰা নামি সাতুৰি কপিলী নদী পাৰ হ’বলৈ চেষ্টা কৰোতেই নদীৰ মাজত ডুৱ যায় যুৱকজন । জানিব পৰা অনুসৰি পথেৰে গ’লে যুৱকজনৰ ঘৰলৈ দূৰত্ব বেছি হয় বাবে যুৱকজনে নৈখন পাৰ হৈ ঘৰলৈ যাবলৈ চেষ্টা কৰিছিল ৷ ফলত নৈখনৰ ঢৌত পৰি পানীৰ তলত সোমাই পৰে যুৱকজন ৷

যুৱকজন আমতলা গাঁৱৰ বিদ্যুৎ বৰুৱা বুলি জানিব পৰা গৈছে । যুৱকজনৰ বয়স 22 বছৰ ৷ ইতিমধ্যে এছ ডি আৰ এফৰ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানেও উদ্ধাৰ কৰিব পৰা নাই যুৱক জনক ।
লগতে পঢ়ক: ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম খোদিত বাইকাৰ বেদ প্ৰকাশৰ