শিলঘাট, 27 জানুৱাৰী : শিলঘাটৰ ত্ৰিশূলধাৰীত সংঘটিত হৈছে এক কৰুণ ঘটনা । 26 জানুৱাৰীৰ দিনা বনভোজ খাবলৈ গৈ উভতি নাহিল ধ্ৰুৱজ্যোতি ৷ কলিয়াবৰৰ শিলঘাটৰ সমীপত ঘটে এই শোকাৱহ ঘটনা । বনভোজ খাবলৈ গৈ যুৱকজন মহাবাহুৰ জলৰাশিত ডুব যায় (Youth Drown in Brahmaputra) ।
যুৱকজন কলিয়াবৰৰ জমখলা গাঁৱৰ ধন বৰা ওৰফে ধ্ৰুৱজ্যোতি বৰা বুলি জানিব পৰা গৈছে । ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী (SDRF)ৰ অভিযানত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ । বনভোজস্থলীত প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো একাংশই উলংঘা কৰি আহিছে চৰকাৰী নীতি-নিয়ম । যাৰ ফলতে সংঘটিত হ'ল এই কৰুণ ঘটনা (Picnic turns tragedy) ।