নগাঁও, ২৮ জুন : অগ্নিপথ আঁচনিয়ে দহিছে সমগ্ৰ দেশ (protest against Agnipath scheme all over India) । বিহাৰ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, পঞ্জাব আদিকে ধৰি বিভিন্ন ৰাজ্যত অগ্নিপথ বিৰোধী বিক্ষোভে হিংসাত্মক ৰূপ লয় । জ্বলাই দিয়া হয় ৰে'ল, ধ্বংস কৰা হয় চৰকাৰী সম্পত্তি । বিৰোধীৰ অভিযোগ, চৰকাৰে একপক্ষীয়ভাৱে গ্ৰহণ কৰা এই কাৰ্যসূচীয়ে দেশত বিৰূপ প্ৰভাৱ পেলাব । কিন্তু তাৰ মাজতে আৰম্ভ হৈছে অগ্নিপথ আচঁনিত আবেদন প্ৰক্ৰিয়া । ইতিমধ্যে অসমতো চলিছে অগ্নিপথ বিৰোধী বিক্ষোভ (Agnipath protest in Assam) । ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত চলিছে এই বিক্ষোভ কাৰ্যসূচী ।
"অগ্নিপথ আঁচনিয়ে সুৰক্ষিত নকৰে যুৱ প্ৰজন্মক (Agnipath scheme)। অগ্নিপথ আঁচনিয়ে যুৱ প্ৰজন্মৰ ভৱিষ্যতক অন্ধকাৰলৈ ঠেলি দিছে ।" মঙলবাৰে এক সংবাদমেলৰ আয়োজন কৰি এই মন্তব্য কৰে নগাঁও জিলা যুৱ কংগ্ৰেছৰ তত্বাৱধায়কে (Press conference by Nagao District Youth Congress) । সংবাদমেলত তেওঁ কয়, কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনি (Central Government Agnipath Scheme) বৰ্তমান অগ্নিশিখালৈ ৰূপান্তৰিত হৈছে । বিজেপি চৰকাৰে (BJP Government) বিগত ৭ বছৰত চাকৰিৰ নামত কেৱল মাত্ৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ ভৱিষ্যতৰ লগত ভেঁকো-ভাওনাহে কৰিলে ।
ভাৰত চৰকাৰে অগ্নিপথত ২৫ শতাংশৰ পৰিৱৰ্তে ১০০ শতাংশক চাকৰি দিয়াৰ দাবী জনায় যুৱ কংগ্ৰেছে (demand 100 percent reservation in Agnipath scheme)। আনহাতে, ৪ বছৰৰ পাছত অগ্নিপথৰ পৰা ঘূৰি অহা যুৱক-যুৱতীক অসম চৰকাৰে অসম আৰক্ষীত (Assam Police) ভৰ্তি কৰাব বুলি কোৱা কথা বিধানসভাত (Assam legislative Assembly) প্ৰস্তাৱ গ্ৰহণ কৰি এখন আইনৰ জৰিয়তে কাৰ্যকৰী কৰিব লাগে বুলিও মন্তব্য কৰে । অগ্নিপথ আঁচনিয়ে অসমৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিয়াৰো অভিযোগ । নগাঁও জিলা যুৱ কংগ্ৰেছৰ তত্ত্বাৱধায়ক কুকিল চন্দ্ৰ দাসে সংবাদমেলত কয়, এই অগ্নিপথ আঁচনিয়ে যুৱ প্ৰজন্মক সুৰক্ষিত কৰিব নোৱাৰে ।
বিজেপি চৰকাৰে যি ১ কোটি চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি পালনত চূড়ান্ত ব্যৰ্থ হৈছে । কেন্দ্ৰীয় আৰু অসম চৰকাৰে (Assam Government) যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ লগত হেতালি খেলাটো অতি দুৰ্ভাগ্যজনক বুলি তেওঁ মন্তব্য কৰে । উল্লেখ্য, মঙলবাৰে নগাঁৱৰ ৰাজীৱ ভৱনত অগ্নিপথ আঁচনিৰ বিৰুদ্ধে যুৱ কংগ্ৰেছে আয়োজন কৰে এই সংবাদমেল । উক্ত সংবাদমেলতে যুৱ কংগ্ৰেছৰ নগাঁও জিলাৰ তত্বাৱধায়ক কুকিল চন্দ্ৰ দাসে অগ্নিপথ আঁচনি আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে এনেদৰে মন্তব্য কৰে । উল্লেখযোগ্য যে অগ্নিপথ আঁচনিৰ বিৰুদ্ধে ৰাজ্যজুৰি কংগ্ৰেছে (Assam Pradesh Congress) অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী ।
লগতে পঢ়ক :নুনমাটিত অগ্নিপথ আচঁনিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ: আৰক্ষীয়ে চোঁচৰাই নিলে প্ৰতিবাদকাৰীক