ETV Bharat / state

হাতত ক্ৰিকেট বেট, মুখত প্ৰধানমন্ত্ৰীৰ মুখা পিন্ধি নগাঁৱত প্ৰতিবাদ

author img

By

Published : Oct 12, 2021, 6:06 PM IST

নগাঁৱত পেট্ৰ’লজাত সামগ্ৰী মূল্যবৃদ্ধিৰ বিৰোধিতাৰে এন এছ ইউ আই আৰু যুৱ কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ । হাতত ক্ৰিকেট বেট, মুখত প্ৰধানমন্ত্ৰীৰ মুখা পিন্ধি প্ৰতিবাদত নামিল কংগ্ৰেছ কৰ্মী ।

youth Congress protest
নগাঁৱত প্ৰতিবাদ

নগাওঁ, 12 অক্টোবৰ : ৰাজ্যত অভানীয় হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ সঘনে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাংশলংঘী মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সৰ্ব-সাধাৰণ জনতাক ৷ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক অতিষ্ঠ কৰাৰ সময়তে নগাঁৱত মূল্যবৃদ্ধিৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে এন এছ ইউ আই(NSUI) আৰু যুৱ কংগ্ৰেছৰ কৰ্মীসকলে ।

youth Congress protest
নগাঁৱত প্ৰতিবাদ

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত দুৰ্গা পূজাৰ মহা সপ্তমীৰ পুৱাই নগাঁও মহাবিদ্যালয়ৰ সমীপৰ পেট্ৰ’ল পাম্পৰ সন্মুখতে নগাঁও এন এছ ইউ আই আৰু যুৱ কংগ্ৰেছৰ উদ্যোগত ৰূপায়ন কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচীৰ । প্ৰতিবাদকাৰী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখা পিন্ধি, হাতে হাতে ক্ৰিকেট বেট লৈ পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰৰ ১০০ টকা স্পৰ্শ কৰা কাৰ্যৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ।

প্ৰতিবাদকাৰী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল মিছা কথাৰে দেশৰ জনসাধাৰণক প্ৰলোভন দি আহিছে বুলিও অভিযোগ উত্থাপন কৰে ।

পেট্ৰ’লজাত সামগ্ৰী মূল্যবৃদ্ধিৰ বিৰোধিতাৰে নগাঁৱত প্ৰতিবাদ

লগতে পঢ়ক : ৰাজ্যৰ 17 টা ভ্ৰাম্যমান গোষ্ঠীলৈ মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহায্য

আনকি প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ভেকচিন লোৱাৰ বাবে পেট্ৰ’লৰ দাম বাঢ়িছে বুলি কৰা মন্তব্যৰো তীব্ৰ সমালোচনা কৰে । যুৱ কংগ্ৰেছৰ নেতা মৃণাল হাজৰিকাই বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই চাইকেল চলাবলৈ আৰু খোজ কাঢ়িবলৈ দিয়া পৰামৰ্শৰ আঁত ধৰি উপ-নিৰ্বাচনত বিজেপিক কেৱল চাইকেল ৰেলী আৰু খোজ কাঢ়ি সমদল উলিওৱাৰ বাবে প্ৰত্যাহ্বান জনায় ।

ভৱেশ কলিতাই মটৰ চাইকেলত তিনিজন বহি যাবলৈ দিয়া পৰামৰ্শক সমালোচনা কৰে প্ৰতিবাদকাৰী সকলে ৷ লগতে মটৰ চাইকেলত তিনিজন বহি গ’লেও আৰক্ষীয়ে জৰিমনা বিহিব নোৱাৰিব বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী যুৱ কংগ্ৰেছৰ নেতাজনে ৷

লগতে পঢ়ক : দুৰ্গোৎসৱত গুৱাহাটীত কোন কোন পথেৰে চলাব পাৰিব বাহন ? চাওক নিৰ্দেশনা সমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.