কলিয়াবৰ, 22 চেপ্টেম্বৰঃ আজি বিশ্ব গড় দিৱস৷ আপুৰুগীয়া বন্যপ্ৰাণীবিধৰ সুৰক্ষা আৰু সংৰক্ষণৰ লক্ষ্যৰে 22 চেপ্টেম্বৰৰ দিনটো সমগ্ৰ বিশ্বই গঁড় দিৱস হিচাপে পালন কৰি আহিছে । অসম চৰকাৰেও 2018বৰ্ষত 22 চেপ্টেম্বৰ দিনটো বিশ্ব গঁড় দিৱস হিচাপে পালন কৰাৰ ঘোষণা কৰিছিল৷
গঁড় দিৱসৰ লগত সংগতি ৰাখি আজি কলিয়াবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গঁড় সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দুখন সজাগতা সমদল উলিয়াই৷ উত্তৰপাৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানমুখী সমদলদ্বয়ক দুটি প্ৰতীকি গঁড়ে নেতৃত্ব দিয়ে৷ কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগে বিশ্বনাথমুখী গঁড় যাত্ৰা সমদলটোৰ শুভাৰম্ভণি কৰে৷ ইয়াৰ বিপৰীতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি. শিৱকুমাৰে কঁহৰামুখী 'গঁড় যাত্ৰা'ৰ শুভাৰম্ভণি কৰে৷ উল্লেখ্য যে, ৰাজ্যৰ বন বিভাগৰ তথ্য অনুসৰি 2018 বৰ্ষলৈকে কাজিৰঙাত 2413 টা গড় আছিল৷ বিশ্ব গড় দিৱসৰ এই পদক্ষেপে নিশ্চিত ভাৱে আগন্তুক সময়ত এশিঙিয়া গঁড় সংৰক্ষণৰ ক্ষেত্ৰত অথবা এশিঙিয়া গঁড়ৰ চোৰাংচিকাৰী ৰোধৰ ক্ষেত্ৰত ইতিবাচক ভুমিকা পালন কৰাৰ লগতে ৰাইজৰ মাজত ইতিবাচক ধাৰণা সৃষ্টি কৰি বিশ্বৰ অন্যতম সম্পদ এশিঙিয়া গঁড়ক সুৰক্ষিত কৰি ৰখাত বিশেষ ভূমিকা পালন কৰিব৷