ETV Bharat / state

নগাঁৱত বিশ্বৰ সৰ্ববৃহৎ মহামৃত্যুঞ্জয় মন্দিৰ!

নগাঁৱত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ মহামৃত্যুঞ্জয় মন্দিৰ নিৰ্মাণ ৷ এসময়ত দৈত্যগুৰু শুক্ৰাচাৰ্যই আৰাধনা কৰিছিল এই মন্দিৰত ৷ দ্ৰুতগতিত চলিছে নিৰ্মাণ কাৰ্য

নগাঁৱত বিশ্বৰ সৰ্ববৃহৎ মহামৃত্যুঞ্জয় মন্দিৰ
author img

By

Published : Aug 16, 2019, 7:08 PM IST

নগাঁও, 16 আগষ্টঃ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ শিৱ লিংগ থকা মহামৃত্যুঞ্জয় মন্দিৰ ৰূপে পৰিচিত হ'ব নগাঁৱৰ এটি মন্দিৰ ৷ প্ৰায় ১২ কোটি টকাৰে ২০১১ চনৰ পৰা নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা মন্দিৰটোৰ উচ্চতা ১২৬ ফুট ৷ এক প্ৰতিবেদন.......

নগাঁৱত বিশ্বৰ সৰ্ববৃহৎ মহামৃত্যুঞ্জয় মন্দিৰ

নগাঁও, 16 আগষ্টঃ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ শিৱ লিংগ থকা মহামৃত্যুঞ্জয় মন্দিৰ ৰূপে পৰিচিত হ'ব নগাঁৱৰ এটি মন্দিৰ ৷ প্ৰায় ১২ কোটি টকাৰে ২০১১ চনৰ পৰা নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা মন্দিৰটোৰ উচ্চতা ১২৬ ফুট ৷ এক প্ৰতিবেদন.......

নগাঁৱত বিশ্বৰ সৰ্ববৃহৎ মহামৃত্যুঞ্জয় মন্দিৰ
Intro:পূৰ্ণ গতিত চলিছে এটা মন্দিৰৰ নিৰ্মাণ কাৰ্য্য। যি মন্দিৰ পৰিগণিত হব বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ শিৱ লিংগকাৰৰ মহামৃত্যুঞ্জয় মন্দিৰ হিচাপে। য'ত আৰাধনা কৰিছিল দৈত্যগুৰু শুক্ৰাচাৰ্যই। ২০২১ চনতে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা মন্দিৰটোৰ নির্মাণকার্য। এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন।


Body:দেখুৱাইছে এটা মন্দিৰ। নগাঁৱৰ পুৰণিগুদাম ভেৰভেৰিত নিৰ্মাণকাৰ্য্য চলি আছে এই মসমৃত্যুঞ্জয় মন্দিৰৰ। কেৱল এছিয়াৰ ভিতৰতে নহয় বিশ্বৰ সৰ্ববৃহৎ শিৱ লিংগকাৰৰ মন্দিৰ হিচাপে পৰিগণিত হব এই মসমৃত্যুঞ্জয় মন্দিৰ। প্ৰাচীন কালত বিষ্ণু, ৰুদ্ৰ আৰু বগলাৰ সংমিশ্ৰণত সৃষ্টি হৈছিল এই শিৱ লিংগৰ। এই মন্দিৰতে এসময়ত আৰাধনা কৰিছিল দৈত্যগুৰু শুক্ৰাচাৰ্যই। ২০১১ চনৰ পৰা নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছে সৰ্ববৃহৎ শিৱ লিংগকাৰৰ এই মহামৃত্যুঞ্জয় মন্দিৰৰ। ১২৬ ফুট উচ্চতাৰ শিৱলিংগকাৰ এই মহামৃত্যুঞ্জয় মন্দিৰৰ নিৰ্মাণৰ বাবে ব্যয় হব প্ৰায় ১২ কোটি টকা। সম্পূৰ্ণ ভক্তৰ দান বৰঙনিৰে চলি আছে মন্দিৰটোৰ নিৰ্মাণকাৰ্য্য। এই মন্দিৰৰ প্ৰায় ৫০ ফুট তলত আছে সৰ্ববৃহৎ আকৃতিৰ শিৱ লিংগ। ২০২১ চনৰ ভিতৰতে নির্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ শিৱ লিংগকাৰৰ মন্দিৰ হিচাপে পৰিগণিত হবলগীয়া এই মহামৃত্যুঞ্জয় মন্দিৰৰ।
bite



Conclusion:উল্লেখযোগ্য যে এই মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সময়তে ভূ গৰ্ভৰ পৰা উদ্ধাৰ হৈছিল বহু পূৰ্বৰ বিভূতি। ভূ গৰ্ভৰ পৰা উদ্ধাৰ হোৱা এইসমূহ বিভূতি সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰিছে মন্দিৰ কৰ্তৃপক্ষই।

--------------------------- --------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
১৬-৮-১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.