ETV Bharat / state

Workshop on organic tea: কলিয়াবৰত জৈৱিক চাহ বিষয়ত বিশেষ কৰ্মশালা

ভাৰতীয় চাহ বৰ্ডৰ উদ্যোগত আৰু সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কলিয়াবৰ জিলা সমিতিৰ সহযোগত জৈৱিক চাহৰ ওপৰত কলিয়াবৰত এখন বিশেষ কৰ্মশালা অনুষ্ঠিত হৈ যায় (Workshop on organic tea at Kaliabor) । জৈৱিক চাহ বিষয়ত অনুষ্ঠিত এই কৰ্মশালাখনিত কলিয়াবৰৰ লগতে বিভিন্ন প্ৰান্তৰ শতাধিক ক্ষুদ্ৰ চাহ খেতিয়কে অংশগ্ৰহণ কৰে ৷

Workshop on organic tea organised by Tea Board India
কলিয়াবৰত জৈৱিক চাহ বিষয়ত বিশেষ কৰ্মশালা
author img

By

Published : Mar 25, 2022, 6:23 PM IST

কলিয়াবৰ,২৫ মাৰ্চ: ভাৰতীয় চাহ বৰ্ডৰ উদ্যোগত আৰু সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কলিয়াবৰ জিলা সমিতিৰ সহযোগত জৈৱিক চাহৰ ওপৰত কলিয়াবৰত এখন বিশেষ কৰ্মশালা অনুষ্ঠিত হৈ যায় (Workshop on organic tea at Kaliabor) । কলিয়াবৰৰ কাঞ্চনজুৰি চাহ বাগিচাৰ অতিথিশালাৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে অনুষ্ঠিত এই বিশেষ কৰ্মশালাত উন্নতমানৰ কেঁচা চাহপাত উৎপাদনকে ধৰি জৈৱিক চাহ উৎপাদনৰ বিষয়ত বিতংভাৱে আলোচনা কৰা হয় ।

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সাধাৰণ সম্পাদক কৰুণা মহন্তৰ লগতে কৰ্মশালাখনিত সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰে যোৰহাটৰ বিশিষ্ট ক্ষুদ্ৰ চাহ খেতিয়ক তথা জৈৱিক চাহ উৎপাদক অচ্যুত প্ৰসাদ গগৈ, লক্ষীমপুৰৰ দুই বিশিষ্ট ক্ষুদ্ৰ চাহ খেতিয়ক তৰুণ বৰঠাকুৰ আৰু ৰাজেন হাজৰিকাই ।

কলিয়াবৰত জৈৱিক চাহ বিষয়ত বিশেষ কৰ্মশালা

কৰ্মশালাখনিত অংশগ্ৰহণ কৰে ভাৰতীয় চাহ বৰ্ডৰ তেজপুৰ আঞ্চলিক কাৰ্যালয়ৰ উন্নয়ন বিষয়া ধৃতিমান ডেকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়েও । জৈৱিক চাহ বিষয়ত অনুষ্ঠিত এই কৰ্মশালাখনিত কলিয়াবৰৰ লগতে বিভিন্ন প্ৰান্তৰ শতাধিক ক্ষুদ্ৰ চাহ খেতিয়কে অংশগ্ৰহণ কৰে । এই কৰ্মশালাখনিৰ দ্বাৰা ক্ষুদ্ৰ চাহ খেতিয়কসকল যথেষ্ট লাভান্বিত হ'ব বুলি আশা প্ৰকাশ কৰে আয়োজক সকলে ।

লগতে পঢ়ক: আজি যোগীৰ অভিষেক; পুৱাই গুৱাহাটী এৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.