ETV Bharat / state

কলিয়াবৰত শিশু নাট কৰ্মশালা "নাটকৰে ধেমালি"ৰ সফল সামৰণি

author img

By

Published : Jul 23, 2019, 7:37 AM IST

5 জুলাইৰ পৰা নগাঁৱৰ কলিয়াবৰস্থিত হাটবৰত আয়োজন হৈছিল "নাটকৰে ধেমালি" শীৰ্ষক পষেকীয়া শিশু নাট কৰ্মশালা ৷ "আখৰাৰ শেষত" নাটেৰে পষেকীয়া শিশু নাট কৰ্মশালাৰ অন্ত পৰে দেওবাৰে নিশা ৷

কলিয়াবৰত শিশু নাট কৰ্মশালা "নাটকৰে ধেমালি"ৰ সফল সামৰণি

নগাঁও, 23 জুলাই: 5 জুলাইৰ পৰা নগাঁৱৰ কলিয়াবৰস্থিত হাটবৰত আয়োজন হৈছিল "নাটকৰে ধেমালি" শীৰ্ষক পষেকীয়া শিশু নাট কৰ্মশালা ৷ "আখৰাৰ শেষত" নাটেৰে পষেকীয়া শিশু নাট কৰ্মশালাৰ অন্ত পৰে দেওবাৰে নিশা ৷ কৰ্মশালাটিৰ মুঠ ২৯টি শিশুৱে নিজৰ প্ৰতিভাৰ প্ৰমাণ দি দৰ্শক ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হয় ৷ জ‍্যেষ্ঠসকলৰ হাতত ধৰি শিশু নাট কৰ্মশালাৰ শিকাৰুসকলে অভিনয় কৰে নাট‍্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাই শিশুসকল বাবে ৰচনা কৰা নাট "আখৰৰ শেষত"। নাটখনিৰ পৰিচালনা কলিয়াবৰৰ প্ৰতিভাৱান নাট‍্যকৰ্মী সঞ্জীৱ শইকীয়া (গগন) আৰু ঝুনাকঙ্কন ভূঞাৰ ৷

শিশুসকলৰ সাৱলীল অভিনয়ে ৫০ মিনিট সময় হাটবৰ কেন্দ্ৰীয় নাট‍্য সমাজ ভৱনত উপস্থিত দৰ্শকসকলক মোহাচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হয় প্ৰশিক্ষাৰ্থীসকল। যোৱা দেওবাৰে অনুষ্ঠিত হোৱা " নাটকৰে ধেমালি" শীৰ্ষক শিশু নাট কৰ্মশালাৰ সামৰণী অনুষ্ঠান বন্তি প্ৰজ্জ্বলনেৰে আনুষ্ঠানিকভাবে শুভ উদ্ধোধন কৰে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি বিতুপন নেওগে।

Intro:কলিয়াবৰত শিশু নাট কৰ্মশালা "নাটকৰে ধেমালি"ৰ সফল সামৰণি

"আখৰাৰ শেষত" নাটকৰ ধেমালিৰ মাজতে শিশুসকলে সকিয়াই গ'ল শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা।

যোৱা ৫ জুলাইৰ পৰা কলিয়াবৰৰ হাটবৰত আয়োজন হৈছিল পষেকীয়া শিশু নাট কৰ্মশালা "নাটকৰে ধেমালি"Body:নিজে কোনো কালে পঢ়ি ভাল নোপোৱা সৰু ৰজা কটুবদ্ধিয়ে ৰাজভাৰ লৈয়েই দেশত সকলো বিদ‍্যালয় বন্ধ কৰি শিশুসকলক কেৱল খেলিবলৈ দিয়াৰ ফলত ৰাজ‍্যত মহা অথন্তৰ আৰম্ভ হ'ল। পঢ়া এৰি খেলি ফুৰা সকলো শিশুকে ৰাজ ভঁৰালৰ পৰা দৈনিক এটাকৈ সোণৰ মুদ্ৰা দিয়াৰ ব‍্যৱস্থা কৰিলে। ব‍্যতিক্ৰমী সঞ্জীৱনী ৰাজ‍্য ত‍্যাগ কৰি আন ৰাজ‍্যলৈ পঢ়িবলৈ ওলাল।
প্ৰথমে শিশুসকলে ভালেই পালে, পঢ়িব নালাগে মাথো খেলা-খেলা। পিচে পিচলৈ সকলো শিশুৰে আমনি লগা হ'ল। বিদ‍্যালয় খুলিবলৈ সৰু ৰজাক খাটনি ধৰিলে বিদ‍্যালয়বোৰ পুণৰ খুলিব লাগে। নাচোৰ-বান্দা সৰু ৰজাৰ পুণৰ ঘোষণা "বিদ‍্যালয় কোনোমতে খোলা নহ'ব।
শেষত কথা গৈ ডাঙৰ ৰজাৰ কাণত পৰিল। ডাঙৰ ৰজা আহি সৰু ৰজাক আঁতৰাই আন ৰাজ‍্যত পঢ়ি শিক্ষিত হৈ অহা ৰাজ‍্যভাৰ অৰ্পন কৰিলে। পিচে ৰাজ‍্যভাৰ নলৈ সঞ্জীৱনীয়ে পঢ়া-শুনা পাহৰি দিনে-দিনে একো নজনা হৈ অহা দেশৰ শিশুসকলক পুণৰ বি‍দ‍্যালয়মুখী কৰাৰহে দায়িত্ব ল'লে। সৰু ৰজাই নিজৰ ভুল বুজি পালে‌ যে কোনোবা জনমৰ পূণ‍্যৰ বলতহে বিদ‍্যা-শিক্ষা, জ্ঞান-পোহৰ লভিবলৈ সক্ষম হয়, তাৰ বাবে দেৱী সৰস্বতীয়ে সকলৈকে সুমতি দিয়ক।

"আখৰাৰ শেষত" নাটেৰে পষেকীয়া শিশু নাট কৰ্মশালাৰ অন্ত পৰে দেওবাৰে নিশা। কৰ্মশালাটিৰ মুঠ ২৯টি শিশুৱে নিজৰ প্ৰতিভাৰ প্ৰমাণ দি দৰ্শক ৰাইজৰ মৰম বুটলিবলৈ সক্ষম। জ‍্যেষ্ঠসকলৰ হাতত ধৰি শিশু নাট কৰ্মশালাৰ শিকাৰুসকলে অভিনয় কৰে নাট‍্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাই শিশুসকল বাবে ৰচনা কৰা নাট "আখৰৰ শেষত"। নাটখনিৰ পৰিচালনা কলিয়াবৰৰ প্ৰতিভাৱান নাট‍্যকৰ্মী সঞ্জীৱ শইকীয়া (গগন) আৰু ঝুনাকঙ্কন ভূঞা।
প্ৰকৃততে নাটকৰ আচিলাৰে ব‍্যক্তিত্ব বিকাশৰ এক পথৰ সন্ধানত যোৱা পষেকটোৰ সাৰ্থকতা আৰু শ্ৰম দেওবাৰে শ্ৰশিক্ষাৰ্থীসখলৰ দ্বাৰা মঞ্চস্থ হ'বলগীয়া নাটখনত অনুভূত হয়। শিশুসকলৰ সাৱলীল অভিনয়ে ৫০ মিনিট সময় হাটবৰ কেন্দ্ৰীয় নাট‍্য সমাজ ভৱনত উপস্থিত দৰ্শকসকলক মোহাচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হয় প্ৰশিক্ষাৰ্থীসকল।
যোৱা দেওবাৰে অনুষ্ঠিত হোৱা হাটবৰ কেন্দ্ৰীয় নাট‍্য সমাজ আৰু সংস্কৃতিৰ যুটীয়া উদ‍্যোগত পষেকীয়া " নাটকৰে ধেমালি" শীৰ্ষক শিশু নাট কৰ্মশালাৰ সামৰণী অনুষ্ঠান বন্তি প্ৰজ্জ্বলনেৰে আনুষ্ঠানিকভাবে শুভ উদ্ধোধন কৰে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি বিতুপন নেওগে। শিশুসকলৰ বিদ‍্যায়তনিক শিক্ষাৰ লগতে শাৰীৰিক আৰু মানসিক উত্তৰণত সহযোগিতা আগবঢ়োৱা দুয়োটা অনুষ্ঠান আৰু কৰ্মশালাটোৰ লগত জড়িত সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। কলিয়াবৰৰ এগৰাকী আগশাৰীৰৰ নাট‍্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাৰ ৰচনা "আখৰাৰ শেষত" নাটখনিৰ পৰিচালনা কৰে সঞ্জীৱ শইকীয়া (গগন) আৰু ঝুনাকঙ্কন ভূঞাই।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.