ETV Bharat / state

ড্ৰাগছ নিৰ্মূলৰ বাবে নতুন খোজ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'ৰ

author img

By

Published : Dec 17, 2021, 7:43 AM IST

শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস ৰাষ্ট্ৰীয় মানৱ অধিকাৰ অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'ৰ মহিলা শাখাৰ (National Human Rights Crime Control Bureau against Drugs) । সংস্থাটোৰ মহিলা শাখাৰ নগাঁও জিলা সমিতি ঘোষণা কৰি মানৱ অধিকাৰ সুৰক্ষাৰ বাবে কৰিব লগা কাৰ্যসূচীৰ বিষয়েও সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে সংগঠনটোৰ সাধাৰণ সম্পাদিকা চাহনাজ চুলতানাই ৷

Women branch of the National Human Rights and Crime Control Bureau
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'

নগাঁও, 17 ডিচেম্বৰ : বৃহস্পতিবাৰে নগাঁৱত আত্মপ্ৰকাশ হ’ল ৰাষ্ট্ৰীয় মানৱ অধিকাৰ অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'ৰ মহিলা শাখা (Women's Wing of National Human Rights Crime Control Bureau) ৷ এই শাখাৰ লক্ষ্য ৰাজ্যখনক অপৰাধ মুক্ত কৰি তোলা ৷ বিশেষকৈ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলক ড্ৰাগছৰ কৰাঁল গ্ৰাসৰ পৰা মুক্ত কৰাই এই সংগঠনটোৰ মূল উদ্দেশ্যে ৷

বৃহস্পতিবাৰে নগাঁও প্ৰেছ ক্লাৱত এক সংবাদমেল যোগে এই কথা সদৰি কৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'ৰ মহিলা শাখাই ৷ এই সংগঠনটোৰ সাধাৰণ সম্পাদিকা চাহনাজ চুলতানাই সদৰি কৰা অনুসৰি, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে প্ৰথমে এই সংগঠনটোৱে গ্ৰহণ কৰিব সজাগতামূলক কাৰ্যসূচীৰ (Campaign against drugs in Nagaon) ৷ আনকি ড্ৰাগছৰ কৰাঁল গ্ৰাসত পৰা যুৱক-যুৱতী সকলক উদ্ধাৰ কৰিবলৈ সংস্থাটোৱে সহায় ল’ব মনোবিজ্ঞানীসকলৰো ৷

আনকি মানৱ অধিকাৰ সুৰক্ষাৰ বাবেও সংস্থাটোৱে কাম কৰি যাব ৷ এই ক্ষেত্ৰত আৰক্ষী তথা ৰাইজৰ সহায় বিচাৰিছে নকৈ আত্মপ্ৰকাশ কৰা ৰাষ্ট্ৰীয় মানৱ অধিকাৰ অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'ৰ মহিলা শাখাটোৱে ৷ লগতে সংগঠনটোৱে পৰিৱেশ সুৰক্ষাৰ সম্বন্ধে কাম কৰাৰ কথাও সদৰি সংবাদমেলযোগে সদৰি কৰে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে নগাঁও প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদ মেলত সংগঠনটোৱে নগাঁও জিলা মহিলা শাখাৰ সদস্য সকলৰ (Members of National Human Rights) নামো প্ৰকাশ কৰে ৷ অনিতা চাবু ধুতক সভানেত্ৰী, চাহনাজ চুলতানা সাধাৰণ সম্পাদিকা, যুটীয়া সম্পাদিকা হিচাপে ডঃ ত্ৰিবেণী শইকীয়া আৰু অনিমা শইকীয়া, উপ-সভানেত্ৰী হিচাপে ডঃ কৰবী কোচ, আইনী উপদেষ্টা হিচাপে সীমা ডাব্ৰিয়ালকৰ সহিতে ১৫ জনীয়া সমিতি ঘোষণা কৰে সংগঠনটোৱে ৷

লগতে পঢ়ক : ৩১ ডিচেম্বৰত সুৰাপান কৰি গাড়ী চলালে আলহী হ’ব লাগিব আৰক্ষীৰ : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.