ETV Bharat / state

International Women's Day 2022 : কলিয়াবৰত নাৰী দিৱস উদযাপন - International Women's Day 2022

কলিয়াবৰত নাৰী দিৱস উদযাপন ৷ নাৰী দিৱসৰ দিনা কলিয়াবৰত দুখনকৈ নাৰী সম্পৰ্কীয় গ্ৰন্থ উন্মোচন ৷ লগতে নাৰী দিৱস উপলক্ষে আয়োজন কৰা হয় এখনি সজাগতা সভা (Women's Day Celebrated at Kaliabor) ৷

womens-day-celebrated-at-kaliabor
কলিয়াবৰত নাৰী দিৱস উদযাপন
author img

By

Published : Mar 8, 2022, 10:37 PM IST

কলিয়াবৰ, 8 মাৰ্চ : সমগ্ৰ বিশ্বৰ লগতে কলিয়াবৰতো উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস(Women's Day Celebrated in Kaliabor) । নাৰী দিৱস উপলক্ষে কলিয়াবৰ প্ৰেছ ক্লাৱ প্ৰাঙ্গনত অধ্যাপিকাদ্বয় আৰতি বসুমতাৰী আৰু ড৹ বৰ্ণালী কাকতিৰ সম্পাদিত ' নাৰী আৰু চিন্তন" আৰু আৰতি বসুমতাৰীৰ "সাহিত্য সম্ভাৰ" গ্ৰন্থ দুখন উন্মাচন কৰা হয় ।

কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰবক্তা আৰতি বসুমতাৰী আৰু বৰ্ণালী কাকতিৰ সম্পাদনাত মঙলবাৰে উন্মোচিত ’নাৰী আৰু চিন্তন’ গ্ৰন্থখনি উন্মোচন কৰে ভূপেন শৰ্মাই ৷ ইয়াৰ লগতে আৰতি বসুমতাৰীৰ ’সাহিত্য সম্ভাৰ’ শীৰ্ষক গ্ৰন্থখনিও প্ৰচাৰৰ বাবে মুকলি কৰা হয় ৷ কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তপন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত সদৌ অসম লেখিকা সমাৰোহৰ বিষয়ববীয়া, কলিয়াবৰ শাখা সাহিত্য সভাৰ সম্পাদক বিৰাজভূষণ বৰাকে ধৰি অৰ্ধশতাধিক লোক উপস্থিত থাকে ৷

কলিয়াবৰত নাৰী দিৱস উদযাপন

ইফালে অসম ৰাজ্যিক গ্ৰাম্য অভিযানৰ কলিয়াবৰ উন্নয়ন খণ্ডই সজাগতা ৰেলী আৰু বৃক্ষ ৰোপনেৰে উদযাপন কৰে নাৰী দিৱস (International Women's Day 2022) । সজাগতা ৰেলীত অংশগ্ৰহণ কৰে কলিয়াবৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ লগতে ভালেসংখ‍্যক মহিলাই । একেধৰণে নগাঁও জিলা সমাজ কল্যাণ বিভাগৰ ব্যৱস্থাপনাত, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ নগাঁৱৰ সহযোগত কলিয়াবৰৰ জখলাবন্ধা আৰু আঞ্জুকপানীত পালন কৰা হয় বিশ্ব নাৰী দিৱস ।

নাৰী দিৱসৰ লগত সংগতি ৰাখি লিংগ ভিত্তিক নিৰ্যাতন ৰোধৰ বাবে বিশেষ গাঁওসভাৰো আয়োজন কৰা হয় । জখলাবন্ধা গাঁও পঞ্চায়ত সভাগৃহত নাৰী দিৱস উপলক্ষে হোৱা অনুষ্ঠানত পঞ্চায়ত সভানেত্ৰী তৃষাৰাণী শইকীয়াই সভাপতিত্ব কৰা সভাত উপস্থিত থাকে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পবিত্ৰ কূমাৰ দাস, কলিয়াবৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া তথা সমাজ কল‍্যাণ বিভাগ বিষয়াৰ লগতে গাঁও পঞ্চায়টোৰ অন্তৰ্গত পঞ্চায়ত প্ৰতিনিধি, অংগনৱাড়ী কৰ্মী আৰু স্থানীয় মহিলাসকল উপস্থিত থাকে।

সভাত আন্তৰ্জাতিক খ‍্যাতিসম্পন্ন প্ৰবীণ মহিলা খেলুৱৈ মিনু শইকীয়া আৰু চাউলত চাৰিখন দেৱৰ পতাকা অঙ্কন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচৰ অধিকাৰী হোৱা প্ৰতিভা মাহেলাক সম্বৰ্দ্ধনা জনোৱা হয় । পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত আঞ্জুকপানী বহুমুখী উন্নয়ন ভৱনত পঞ্চায়ত সভাপতি উত্তম দিগালৰ সভাপতিত্বত অনুষ্ঠিত এই বিশেষ গাঁওসভাত পশ্চিম কলিয়াবৰ শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া ৰুবী কলিতাই সমল ব্যক্তি হিচাপে "লিংগ ভিত্তিক নিৰ্যাতন ৰোধ" বিষয় সন্দৰ্ভত বক্তব্য প্ৰদান কৰে ।

শিশুৰ মানসিক চিন্তাৰ উত্তৰণ, বাল্য-বিবাহ, গাহস্থ্য হিংসা, শিক্ষাৰ অধিকাৰ সন্দৰ্ভতো মাতৃসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে জিলা সমাজ কল্যাণ বিষয়া ৰুবী কলিতাই । নাৰী দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশনৰ লগতে সংকল্প গ্ৰহণ কাৰ্যসূচী পালন কৰা হয়‌ ।

'লিংগ ভিত্তিক নিৰ্যাতন ৰোধ'ৰ এই সভাত পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হামিদুৰ ৰহমান, সহকাৰী খণ্ড উন্নয়ন বিষয়া আব্দুল হানান, সমাজকৰ্মী শশী ভূষণ ৰয়, মিনু বৰা, আবুল আনচাৰীয়ে আমন্ত্ৰিত অতিথি হিচাপে সভাত অংশগ্ৰহণ কৰে । নাৰী দিৱসৰ এই পবিত্ৰ দিনটোতে স্থানীয় মহিলা সমাজকৰ্মী মিনু বৰাক গামোচা, গছপুলি আৰু গ্ৰন্থৰে সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক : Mission one lakh: আইনী জটিলতা বাধা হ'ব পাৰে চৰকাৰৰ এক লাখ নিযুক্তি প্ৰদানৰ লক্ষ্যত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.