ETV Bharat / state

সুলভ মূল্যৰ চাউল বিচাৰি মহিলাৰ প্ৰতিবাদ - কঠিয়াতলী সমবায় সমিতি

নগাঁৱৰ কঠিয়াতলী সমবায় সমিতিত সুলভ মূল্যৰ চাউল বিচাৰি ৰাইজৰ হাহাকাৰ ৷ চাউল বিচাৰি উত্তেজিত স্থানীয় মহিলাৰ প্ৰতিবাদ ৷

সুলভ মূল্যৰ চাউল বিচাৰি মহিলাৰ প্ৰতিবাদ
author img

By

Published : Sep 16, 2019, 10:41 PM IST

বঢ়মপুৰ, 16 ছেপ্টেম্বৰঃ নগাঁও কঠিয়াতলী সমবায় সমিতিয়ে চলিত মাহত সুলভ মূল্যৰ চাউল বিতৰণ নকৰাৰ প্ৰতিবাদত উত্তেজিত হৈ পৰে ৰাঙলুৰ একাংশ মহিলা ৷ সোমবাৰে সমিতিখনৰ ২০১৯-২০ বৰ্ষৰ সাধাৰণ সভা অনুষ্ঠিত হয় ৷ কিন্তু সভালৈ হিতাধীকাৰীসকলক আমন্ত্ৰণ নিদিয়াৰ অভিযোগ তুলি একাংশ মহিলাই সভাৰস্থলীতেই হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰি সভা অচল কৰি তোলাৰ লগতে সুলভমূল্যৰ চাউল বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে । উত্তেজিত মহিলাসকলে সমিতিৰ সভাপতি আশাফুল ইছলামক ঘেৰাও কৰি "আমাক চাউল লাগিবই" ইত্যাদি ধ্বনি দি পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷

Intro:নগাঁৱৰ কঠিয়াতলী সমবায়ত সুলভ মূল্যৰ চাউল বিচাৰি ৰাইজৰ হাঁহাকাৰ ।চাউল বিচাৰি মহিলাৰ প্ৰতিবাদ ।

Anchor="আমাক চাউল লাগিব ।" চাউল বিচাৰি প্ৰতিবাদত নামিল ৰাঙলুৰ একাংশ মহিলা ।যাৰ কাৰণে তীব্ৰ উত্তেজনাই বিৰাজ কৰে নগাঁৱৰ ৰাঙলুত ।উল্লেখ্য যে নগাৱৰ কঠিয়াতলী সমবায়ত সোমবাৰে ২০১৯-২০ বৰ্ষৰ সাধাৰণ সভা অনুস্থিত হয়।কিন্তু সভালৈ নিমন্ত্ৰণ নিদিয়া অভিযোগ তুলি একাংশ মহিলাই সভাৰ স্থলিত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰি সভাৰ স্থগিত ৰখা লগতে মহিলা সকলে সুলভমূল্যৰ চাউল বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে ।যাৰ কাৰণে সমবায়ত আৰক্ষী মোতায়ন কৰিব লগা হয় ।কঠিয়াতলী সমবায় সমিতিৰ সভাপতি আশাফুল ইছলামক ঘেৰাও কৰে প্ৰতিবাদী মহিলা সকলে।চলিত মাহৰ চাউল বিতৰণ কৰা নাই সমবায় খনত ।ইয়াকে লৈ উত্তেজিত হৈ পৰে স্থানীয় মহিলা সকল ।
Byte = প্ৰতিবাদী মহিলাBody:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.