নগাঁও, 18 মে’ : ৰাজ্যত যেন ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ এটা সমাধান নোহোৱা অংক হৈ পৰিছে ৷ যিমানেই আৰক্ষীয়ে অপৰাধীক আটক কৰিছে, সিমানেই বেলেগ বেলেগ পদ্ধতিৰে সৰবৰাহকাৰীয়ে সৰবৰাহ কৰি আহিছে এই বৰবিহ ৷ এইবাৰ নগাঁৱত আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছ(Drugs seized in Nagaon) ৷
সমান্তৰালকৈ আৰক্ষীয়ে ড্ৰাগছৰ ব্যৱসায়ত জড়িত থকাৰ অপৰাধত আটক কৰিছে এগৰাকী মহিলা সৰবৰাহকাৰী(Women drugs paddler arrested in Nagaon) ক ৷ দেখা গৈছে যে, নগাঁৱত একাংশ মহিলাই আৰম্ভ কৰিছে ড্ৰাগছৰ ব্যৱসায় ।
প্ৰাপ্ত তথ্য অনুসৰি, নগাঁৱৰ ডিমৰুগুৰিৰ চেঁচামুখৰ এগৰাকী মহিলাৰ বাসগৃহত নগাঁও আৰক্ষীৰ এটা দলে ড্ৰাগছৰ বিৰুদ্ধে চলায় অভিযান(Morikolong police against drugs) ।
সীমা বৰা ওৰফে ৰুমী নামৰ মহিলা ড্ৰাগছ ব্যৱসায়ীগৰাকীৰ বাসগৃহত মঙলবাৰে বিয়লি আৰক্ষীয়ে চলাইছিল অভিযান । এই অভিযানত আৰক্ষীয়ে বহুকেইটা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ(Container full of drugs seized in nagaon)ৰ লগতে জব্দ কৰে বহুতো আপত্তিজনক নথিপত্ৰ আৰু বেংকৰ পাঁচবুক, চেক আদি ।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ধৃত ড্ৰাগছ ব্যৱসায়ী সীমা বৰা ওৰফে ৰুমীক আৰক্ষীয়ে ড্ৰাগছৰ ব্যৱসায় কৰাৰ অপৰাধত প্ৰেৰণ কৰিছিল কাৰাগাৰলৈ । আৰক্ষীৰ এই অভিযানৰ নেতৃত্ব দিছিল মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীৱ লাহনে ৷
লগতে চাওক: কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সীমান্তৰ চূড়াইবাড়ীত কোটি টকাৰ গাঞ্জা জব্দ