ETV Bharat / state

আই পি এলৰ জুৱাই কাল হ’ল নেকি মহিলাৰ ?

author img

By

Published : May 6, 2021, 11:49 AM IST

Updated : May 6, 2021, 1:08 PM IST

ৰূপহীহাটত ৰহস্যজনকভাৱে উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ ৷ পৰিয়ালৰ লোকে হত্যা কৰাৰ সন্দেহ মহিলাগৰাকীৰ পৰিয়াল বৰ্গৰ ৷ আই পি এল জুৱাৰ বাবেই মহিলাগৰাকীক হত্য়া কৰাৰ সন্দেহ ৷

Woman Dead body rescued
Woman Dead body rescued

ৰূপহীহাট, 6 মে’: ৰূপহীহাটত ৰহস্যজনক অৱস্থাত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ ৷ ৰূপহীহাটৰ বৰঘাটত সংঘটিত হৈছে এই ঘটনা । স্বামীগৃহত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহ ৷ ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য ৷ 6 বছৰ পূৰ্বে বৰঘাটৰ বাহাৰুল ইছলাম নামৰ যুৱকজনৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল মহিলাগৰাকী ৷ বিবাহৰ পাচৰে পৰা স্বামী-স্ত্ৰীৰ মাজত চলি আছিল কাজিয়া ৷

মহিলাগৰাকীৰ পিতৃ পৰিয়ালে সন্দেহ কৰা অনুসৰি এয়া এক হত্যাকাণ্ড ৷ আত্মীয়ই প্ৰকাশ কৰা অনুসৰি বুধবাৰে পুৱা মহিলাগৰাকীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰিছিল তেওঁলোকে ৷ কিন্তু বিয়লি স্বামীগৃহৰ পৰা খবৰ পঠিওৱা হয় যে, চিপ লৈ আত্মহত্যা কৰিছে মহিলাগৰাকীয়ে ৷ এইখবৰ পোৱাৰ লগে লগে মহিলাগৰাকীৰ স্বামীগৃহত উপস্থিত হয় তেওঁৰ ভাতৃসহ আন আত্মীয় ৷ কিন্তু তেওঁলোকে উল্লেখ কৰা অনুসৰি বিচনাত শুৱাই থোৱা হৈছিল মহিলাগৰাকীক ৷

আই পি এলৰ জুৱাই কাল হ’ল নেকি মহিলাৰ ?

আনহাতে, সংবাদমাধ্যমক জনোৱা অনুসৰি মহিলাগৰাকীৰ স্বামী জড়িত আছিল আই পি এলৰ জুৱাৰ সৈতে ৷ লাখ লাখ টকাৰ জুৱা খেলিছিল বাহাৰুল ইছলামে ৷ জুৱা খেলিবলৈ পত্নীৰ পৰিয়ালৰ পৰাও টকা লৈছিল বাহাৰুলে ৷ টকাৰ বাবেই মহিলাগৰাকীক হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে মৃত মহিলাগৰাকীৰ ভাতৃয়ে ৷ তাৰোপৰি ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হোৱাৰ পিচতো জোৱায়েকৰ ঘৰৰ কোনো লোক উপস্থিত নোহোৱাকলৈ সন্দেহৰ প্ৰকাশ কৰিছে পিতৃৰ পৰিয়ালে ৷ সম্প্ৰতি ঘটনাস্থলীত ৰূপহী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক:লাখ টকাৰ বিদ্যুতৰ বিলে দিশহাৰা কৰিছে বন-অহোপাৰ গঞাক

Last Updated : May 6, 2021, 1:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.