বটদ্ৰৱা, 9 নৱেম্বৰ: বটদ্ৰৱাৰ শিলপুখুৰীৰ পৰা সন্ধানহীন শিলপুখুৰীৰ গাঁৱৰ ৰবিনা বেগম ওৰফে প্ৰভাতী ঘোষ নামৰ এগৰাকী মহিলা ৷ দুই সন্তানৰ মাতৃগৰাকী যোৱা 5 নৱেম্বৰৰ পৰা হঠাতে সন্ধানহীন হৈ পৰে ৷

মহিলাগৰাকীয়ে পুৱাৰ ভাগত দুই সন্তানক আইতাকৰ হাতত থৈ বৰিবজাৰস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ চি এচ পিত টকা উঠাবলৈ বুলি ওলাই যায় ৷ কিন্তু তাৰ পিছৰে পৰা ৰহস্যজনক ভাৱে সন্ধানহীন হৈ পৰে মহিলা গৰাকী ।

মহিলাগৰাকীক পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰিও সন্ধান নোপোৱাত অৱশেষত বৰিজাৰ আৰক্ষী পহৰা চকীত এখন এজাহাৰ দাখিল কৰে। মহিলাগৰাকী সন্ধানহীন হৈ পৰাৰ পিছত মাতৃক বিচাৰি দুই সন্তানৰ ক্ৰন্দনে চকু সেমেকা কৰি তুলিছে পৰিয়ালৰ লগতে স্বামীৰ । কোনো সদাশয় ব্যক্তিয়ে যদি মহিলা গৰাকীৰ সন্ধান পায় তেন্তে 9003977885 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷
- লগতে চাওক-ইতিহাসত আজিৰ দিনটো