নগাঁও, 11 ডিচেম্বৰ : চুৰি কৰিবলৈ আহি গৃহস্থ সাৰ পোৱাৰ বাবেই বুকুত চিপৰাঙেৰে আঘাত হানিলে চোৰে ৷ এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে নগাঁও চহৰৰ এলফিনষ্টন চাৰিআলিত ৷ এলফিনষ্টন চাৰিআলিৰ ৰফিকুল ইছলাম নামৰ এগৰাকী ব্যৱসায়ীৰ বাসগৃহত পুৱতি নিশা এজন দুৰ্বৃত্তই চুৰি কাৰ্য সংঘটিত কৰাৰ উদ্দেশ্যে দুৱাৰ ভঙাৰ চেষ্টা চলায় ৷ চোৰে দুৱাৰ ভাঙি থাকোতেই সাৰ পায় গৃহস্থ ৷ ৰফিকুল ইছলামৰ পত্নী আখতাৰা বেগম বাহিৰত কি হৈছে বুলি চাবলৈ যোৱাত চোৰে তেওঁক চিপৰাঙেৰে আক্ৰমণ কৰে ৷
ঘটনা সংঘটিত হোৱাৰ পাচতে স্বামী ৰফিকুল ইছলামে কৰায়ত্ব কৰে দুৰ্বৃত্তক ৷ ধৃত লোকজন শিয়ালমাৰীৰ ইব্ৰাহিম আলি বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে উত্তম-মধ্যম শোধাই আৰক্ষীৰ হাতত গতাই দিয়ে লোকজনক ৷ ইফালে দুৰ্বৃত্তজনৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ'বলগীয়া হয় আখতাৰা বেগম ৷ নগাঁও চহৰত সংঘটিত এই ঘটনাই আতংকিত কৰি তুলিছে নগঞা ৰাইজক ৷
লগতে পঢ়ক: নগাঁও আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী