ETV Bharat / state

চামগুৰিৰ উদমাৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ - wild elephant terror

মঙলবাৰে পুৱতি নিশা পৰ্যন্ত খাদ্যৰ সন্ধানত কাৰ্বি পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ জাকে উপদ্ৰৱ চলালে নগাঁও জিলাৰ চামগুৰিৰ গেন্ধালি আৰু উদমাৰিৰ বৃহত্তৰ অঞ্চলত ৷

চামগুৰিৰ উদমাৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ
চামগুৰিৰ উদমাৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ
author img

By

Published : Dec 15, 2020, 7:49 PM IST

চামগুৰি, 15 ডিচেম্বৰ: খাদ্যৰ সন্ধানত কাৰ্বি পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ জাকে উপদ্ৰৱ চলাইছে ভৈয়ামৰ জনাঞ্চলত ৷ নগাঁও জিলাৰ চামগুৰিৰ গেন্ধালি আৰু উদমাৰিৰ বৃহত্তৰ অঞ্চলত মঙলবাৰে পুৱতি নিশা পৰ্যন্ত উপদ্ৰৱ চলালে বন্যহস্তীয়ে ৷ প্ৰায় ১৫০ জনীয়া বনৰীয়া হাতীৰ এটা বৃহৎ জাকে চলোৱা উপদ্ৰৱৰ ফলত বিনিদ্ৰ ৰজনী কটাবলৈ বাধ্য হয় স্থানীয় ৰাইজ ৷

বন বিভাগৰ এটা দলে ওৰেটো নিশা চেষ্টা চলাই হাতীৰ জাকটোক পাহাৰলৈ খেদি পঠিয়াবলৈ সক্ষম হয়

গেন্ধালি আদৰ্শ গাঁৱত নিশা খাদ্যৰ সন্ধানত অহা বন্যহস্তীয়ে বিস্তৰ ক্ষতিসাধন কৰিলে দুটাকৈ পৰিয়ালৰ বাসগৃহ ৷ অৱশ্যে স্থানীয় ৰাইজৰ সহযোগত বন বিভাগৰ এটা দলে ওৰেটো নিশা চেষ্টা চলাই হাতীৰ জাকটোক পাহাৰলৈ খেদি পঠিয়াবলৈ সক্ষম হয় যদিও থাকি যোৱা 4 টাকৈ হাতীয়ে পুনৰ নিশা হ'লেই অঞ্চলটোত উপদ্ৰৱ চলাব বুলি সংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

লগতে পঢ়ক: কৰিমগঞ্জত অসুস্থ বনৰীয়া হাতীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.