ETV Bharat / state

কলিয়াবৰত এঘৰত বন্যহস্তীৰ তাণ্ডৱ: কথমপি প্ৰাণৰক্ষা গৃহস্থৰ - Wild elephant destroyed house

শ্ৰী শ্ৰী জখলাবন্ধা সত্ৰৰ আচিনা গোঁসাই থানৰ সমীপৰ এঘৰত সোমবাৰে নিশা বন্যহস্তীয়ে চলাই উপদ্ৰৱ (Wild elephant destroyed house) ৷ বন্যহস্তীৰ উপদ্ৰৱত ডম্বৰু ভঁৰালী নামৰ ব্যক্তিজনে কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় । ঘৰৰ বেৰ ভাঙি বিচনা-পত্ৰ ভঙাৰ লগত আন সা-সামগ্ৰী লণ্ড-ভণ্ড কৰে ।

Wild elephant destroyed house in Kaliabor
কলিয়াবৰত এঘৰত বন্যহস্তীৰ তাণ্ডৱ: কথমপি প্ৰাণৰক্ষা গৃহস্থৰ
author img

By

Published : Sep 27, 2022, 2:20 PM IST

কলিয়াবৰ, 27 ছেপ্টেম্বৰ: ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ (Man Elephant conflict in Assam) । জনাঞ্চললৈ বন্যহস্তীৰ জাক উলাই আহি পথাৰৰ শষ্য নষ্ট কৰাৰ লগতে ঘৰ-বাৰী ভাঙি চলোৱা তাণ্ডৱত বাৰুকৈয়ে বিপাঙত পৰি আহিছে ৰাইজ ৷ সম্প্ৰতি খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ ত্ৰাসত প্ৰায়ে উজাগৰী নিশা কটাবলগীয়া হৈছে ৰাইজে ৷ কেৱল ইমানেই নহয় হাতীৰ আক্ৰমণত ৰাজ্যৰ বহু ঠাইত মৃত্যুৰ মুখতো পৰিছে বহু লোক ৷

শেহতীয়াকৈ, শ্ৰী শ্ৰী জখলাবন্ধা সত্ৰৰ আচিনা গোঁসাই থানৰ সমীপৰ এঘৰত সোমবাৰে নিশা বন্যহস্তীয়ে চলালে উপদ্ৰৱ (Wild elephant destroyed house) ৷ বন্যহস্তীৰ উপদ্ৰৱত ডম্বৰু ভঁৰালী নামৰ ব্যক্তিজনে কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় । ঘৰৰ বেৰ ভাঙি বিচনা-পত্ৰ ভঙাৰ লগতে আন সা-সামগ্ৰীও লণ্ড-ভণ্ড কৰে ।

কলিয়াবৰত এঘৰত বন্যহস্তীৰ তাণ্ডৱ: কথমপি প্ৰাণৰক্ষা গৃহস্থৰ

ডম্বৰু ভঁৰালী নামৰ ব্যাক্তিজনে জনোৱা মতে, হাতীটোৱে তেওঁক শুৰেৰে পকাবলৈ বিচাৰোতেই সৌভাগ্যক্ৰমে ৰক্ষা পৰে ৷ লগতে পত্নীৰো প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় । ইফালে বন বিভাগৰ পৰা সময়মতে সহাৰি নোপোৱাৰ অভিযোগ । ভুক্তভোগীয়ে জনোৱা মতে, বন বিভাগৰ লোক আহি পোৱালৈ ঘৰ-দুৱাৰ ভাঙি সেই স্থানৰ পৰা প্ৰস্থান কৰে বন্যহস্তীটো ।

লগতে পঢ়ক: Elephant menace at Namchang road: অসম অৰুণাচল সীমান্তত বনৰীয়া হাতীৰ আতংক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.