চামগুৰি, 16 জুন : নগাঁও জিলাৰ আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চলত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ৷ শেহতীয়াকৈ দুয়োখন জিলাৰ সীমান্তৱৰ্তী অঞ্চল মেজিগাঁও থেকেপাগুৰিত বন্যহস্তীয়ে উপদ্ৰৱ চলাই দুটাকৈ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে ৷ তদুপৰি পাৰ্কুপৰ লংকৈ গাঁৱত নিশা উপদ্ৰৱ চলাই বন্যহস্তীয়ে বিস্তৰ ক্ষতিসাধন কৰে বুলি জানিবলৈ দিছে অঞ্চলটোৰ ৰাইজে ৷
স্থানীয় ৰাইজে সদৰি কৰা মতে খাদ্যৰ সন্ধানত মাজ নিশা এটা বন্যহস্তী নগাঁও আৰু কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী জনাঞ্চলত প্ৰৱেশ কৰে ৷ ইয়াৰ পাচতে এক আতংকই বিৰাজ কৰে অঞ্চলটোত ৷ খাদ্য সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীটোৱেও মেজিগাঁও থেকেপাগুৰি অঞ্চলত উপদ্ৰৱ চলাবলৈ আৰম্ভ কৰে ৷
ইয়াৰ ফলশ্ৰুতিত কঠালগুৰিৰ সমীপৰ মেজি গাঁও থেকেৰাগুৰিৰ মংগল সিং ইংতি আৰু পানী ৰাম ক্ৰামছা নামৰ দুজন লোকৰ ঘৰত প্ৰৱেশ কৰে বন্যহস্তীটো ৷ বন্যহস্তীটোৱে দুয়োজন লোকৰ বৃহৎ পৰিমাণৰ সা-সম্প্ৰত্তি ক্ষয়-ক্ষতি কৰাৰ লগতে বাসগৃহ দুটাও ভাঙিবলৈ চেষ্টা চলায় ৷
পৰৱৰ্তী সময়ত পাৰ্কুপৰ লংকৈ লেক্ থে গাঁৱৰ দিশে ৰাওনা হয় বনৰীয়া হাতীটো ৷ জানিব পৰা মতে হাতীটোৱে সেই অঞ্চলৰ জনছিং ইংতি নামৰ এজন ব্যৱসায়ীৰ দোকান ঘৰ ভাঙি চাৰি বস্তাকৈ চাউল খোৱাৰ লগতে দোকানখনৰ বহু সামগ্ৰী নষ্ট কৰে ৷
উল্লেখ্য যে, নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী এই গাঁওসমূহত প্ৰায়ে হাতী-মানুহৰ সংঘাত সংঘটিত হৈ আহিছে ৷ কিয়নো খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰে অঞ্চলটোৰ ৰাইজ ৷
বন্যহস্তী এই উপদ্ৰৱ ৰোধ কৰিবলৈ যাওঁতে অঞ্চলটোৰ লোক সকলে বনহস্তীৰ সৈতে সংঘাতত লিপ্ত হ'বলগীয়া হয় ৷ এনে পৰিপেক্ষিতে বন বিভাগক অঞ্চল কেইটাত বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰিবৰ শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় লোকে ৷
লগতে পঢ়ক: লুইতৰ বুকুত বিলীন হোৱাৰ দিশে শিলঘাটৰ অশোকাষ্টমী মেলাস্থলী