ETV Bharat / state

মাজনিশা জুৰীয়াত ড্ৰাগছ মাফিয়ালৈ নগাঁও আৰক্ষীৰ গুলী

দেওবাৰে নিশা জুৰীয়াত ড্ৰাগছৰ বিৰুদ্ধে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ অভিযান ৷ উক্ত অভিযানত আৰক্ষীয়ে এজন ড্ৰাগছ ব্যৱসায়ী আটক কৰা লগতে মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে ।

weapons-seized-from-a-drug-dealer-at-nagaon
নগাঁৱত এজন ড্ৰাগছ ব্যৱসায়ী সহ মৰণাস্ত্ৰ জব্দ
author img

By

Published : May 31, 2021, 7:22 AM IST

Updated : May 31, 2021, 10:32 AM IST

ৰূপহীহাট, 31 মে’ : নগাঁৱত এতিয়া অপৰাধীৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে আই পি এছ আনন্দ মিশ্ৰা ৷ দিন-ৰাতি বুলি একো নাই, যিকোনো মূহুৰ্তত জিলাখনৰ ভিন্ন প্ৰান্তত চলিছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাই ৷ দেওবাৰে মাজনিশা নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ অভিযানত আটক এজন ড্ৰাগছ ব্যৱসায়ী ৷ নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ নেতৃত্বত দেওবাৰে মাজনিশা আৰক্ষীৰ এটা দলে জুৰীয়া বজাৰৰ সমীপৰ জাইতুল কবিৰৰ বাসগৃহত অভিযান চলাই । বিভিন্ন অপৰাধৰ সৈতে জড়িতৰ অভিযুক্ত জাইতুল কবিৰ ৷

নগাঁৱত এজন ড্ৰাগছ ব্যৱসায়ী সহ মৰণাস্ত্ৰ জব্দ

উল্লেখ্য় যে, আৰক্ষীৰ অভিযানৰ সময়ত জাইতুল কবিৰে আৰক্ষীক গুলীওৱাৰ চেষ্টা কৰাত আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীজনক লক্ষ্য কৰি গুলীচালনা কৰে । এই গুলীচালনাত আৰক্ষীৰ গুলীত আহত হয় ড্ৰাগছ ব্যৱসায়ী জাইতুল কবিৰ ৷ ইয়াৰ পাচতে আৰক্ষীয়ে জাইতুলক আটক কৰি তাৰ হাতৰ পৰা মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয় । আনহাতে, আহত ড্ৰাগছ ব্যৱসায়ী জাইতুল কবিৰক আৰক্ষীৰ জিম্মাত থৈ চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে ৷

লগতে পঢ়ক : গুৱাহাটীত গ্ৰেপ্তাৰ এন এল এফ বিৰ কেডাৰ

Last Updated : May 31, 2021, 10:32 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.