ETV Bharat / state

নগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস । ন-ভোটাৰৰ মাজত ভোটদান সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে নগাঁৱত চাইকেল ৰেলীৰ আয়োজন । ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগণত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।

ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে নগাঁৱত চাইকেল ৰেলীৰ আয়োজন

author img

By

Published : Jan 25, 2021, 6:16 PM IST

নগাঁও, ২৫ জানুৱাৰী : সমগ্র দেশ আৰু ৰাজ্যৰ লগতে নগাঁও জিলাতো সোমবাৰে জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰা হয় । ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগণত জিলা উপায়ুক্ত কভিথা পদ্মনাভনৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় । ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি জিলা প্ৰশাসনে আয়োজন কৰা কুইজ আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ বিজয়ীসকলক এই সভাতে বঁটা প্ৰদান কৰা হয় ।

নগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন
নগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

লগতে ভোটাৰসকলক সজাগ কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুত কৰা এটি সজাগতামূলক গীত উন্মোচন কৰে পেৰাচাইকেলিষ্ট ৰাকেশ বনিকে । এই সভাত জিলা উন্নয়ন আয়ুক্ত হেমন্ত ভূঞা, নিৰ্বাচনী বিষয়া ৰাজ বৰুৱা প্ৰমুখ্যে বিভিন্ন বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে । ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে জিলা প্ৰশাসনে এক সজাগতামূলক চাইকেল ৰেলীৰো আয়োজন কৰে । এই ৰেলীত ৰাকেশ বনিকৰ লগতে বহুসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:ধুবুৰীত ৫টা গভাইত চোৰ আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.