নগাঁও/ ৰহা, 6 আগষ্ট : বিগত কেবাদিন ধৰি সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত এখন ছবি ৷ এটি কণমানিয়ে দৃষ্টিহীন পিতৃ-মাতৃক আঙুলিত ধৰি দেখুৱাইছে জীৱনৰ বাট ৷ যি দৃশ্যই হৃদয় চুই গৈছে বহুতৰে (Viral blind family in Nagaon) ৷ তেওঁ যেন আজিৰ যুগৰ শ্ৰৱণ কুমাৰ ৷ ৰহাৰ 5 বছৰীয়া এই শিশুটিৰ নাম ৰাহুল হীৰা ৷ এই দৃষ্টিহীন পৰিয়ালটো নগাঁও জিলাৰ ৰহাৰ দীঘলদৰিৰ । এই পাঁচবছৰীয়া কণমানিয়েই হৈছে পৰিয়ালটোৰ শেষ ভৰষা ।
![Viral blind family in Nagaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-raha-aug6-801pic-802-803-804-805vsl-viralblindfamily-dibyaborthakur-asc10002_06082022093445_0608f_1659758685_349.jpg)
জন্মৰ সাত বছৰ বয়সতে দৃষ্টি শক্তি হেৰুৱাইছিল ভগেন হীৰাই ৷ তাৰ পাচৰ পৰাই আনৰ আশ্ৰয় লৈ চলা-ফুৰা কৰিব লগাত পৰিছিল ৷ সময় বাগৰিল ৷ ভগেন হীৰাই পাণি গ্ৰহণ কৰিছিল দৃষ্টিহীন কেতেকী বনিয়াৰ ৷ তাৰ পাচতেই যেন ভগৱানৰ দূত হৈ তেওঁলোকৰ জীৱনলৈ আহিল ৰাহুল ৷
দৃষ্টিহীন এই পাঁচজনীয়া পৰিয়ালটোৰ একমাত্ৰ ভৰষা তেওঁলোকৰ পাঁচ বছৰীয়া পুত্ৰ সন্তান ৰাহুল হীৰা । ৰাহুলৰ হাতত ধৰিয়ে ঘৰৰ পৰা ওলাই যাবলগীয়া হয় পৰিয়ালটো । ৰাহুলৰ চকুৰে পৃথিৱী দেখিছে দৃষ্টিহীন পিতৃ-মাতৃয়ে । কি দৰে পিতৃ মাতৃক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ লৈ যায়, সেই কথা ব্যক্ত কৰিছে কণমানি ৰাহুলে ।
ৰে’লৰ অন্য যাত্ৰীৰ সহায়ত ষ্টেচনবোৰ চিনাক্ত কৰে কণমানিটোৱে । ভগেন হীৰাৰ পৰিয়ালে সংবাদমাধ্যমৰ যোগেদি কিঞ্চিৎ সহায় বিচাৰিছে ৰাইজৰ পৰা ৷
লগতে পঢ়ক : Wooden house in Majuli : অসমৰ সোণালী ইতিহাস বিজড়িত দুশবছৰ গৰকা এটা বিশেষ কাঠৰ ঘৰ