ETV Bharat / state

Teachers day 2023: শিক্ষক দিৱসৰ দিনাই ৰহাৰ এগৰাকী শিক্ষয়িত্ৰীৰ আৰ্তনাদ

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 9:55 AM IST

আজি শিক্ষক দিৱস ৷ পবিত্ৰ শিক্ষক দিৱসৰ দিনাই চকুলো টুকি সহায়ৰ বিচাৰি কাতৰ আহ্বান শিক্ষয়িত্ৰীৰ ৷ বিচনা আৰু হুইল চেয়াৰখনেই একমাত্ৰ সংগী হৈ পৰা ৰহাৰ চম্পা দাস নামৰ এগৰাকী শিক্ষয়িত্ৰী ৷

Teachers day 2023
শিক্ষক দিৱসৰ দিনাই ৰহাৰ এগৰাকী শিক্ষয়ত্ৰীৰ আৰ্তনাদ
ৰহাৰ এগৰাকী শিক্ষয়িত্ৰীৰ আৰ্তনাদ

ৰহা, 5 আগষ্ট : আজি পবিত্ৰ শিক্ষক দিৱস ৷ শিক্ষক দিৱসৰ দিনটোতে উচুপি উঠিল ৰহাৰ এগৰাকী শিক্ষয়িত্ৰী । কাৰণ বিচনাখন বা নিজৰ সাৰথি হুইল চেয়াৰখনত বহি হুমুনিয়াহ কাঢ়িছে ৰহাৰ ৰাজহুৱা খণ্ডৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰীগৰাকীয়ে ৷ বিচনা আৰু হুইল চেয়াৰখনেই একমাত্ৰ সংগী হৈ পৰা শিক্ষয়িত্ৰীগৰাকী হৈছে ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰৰ সহকাৰী শিক্ষয়িত্ৰী চম্পা দাস ।

জ্ঞানৰ পোহৰৰে বহু ছাত্ৰ-ছাত্ৰীৰ জীৱন উজ্বলাই তোলা বীনা বাইদেউ হিচাপে পৰিচিত চম্পা দাসৰ এয়া এক কৰুণ কাহিনী । ২০২০ চনত বিদ্যালয়খনক মন্দিৰ বুলি ভৱা বীণা বাইদেউৱে কৰ্মৰত অৱস্থাতে হঠাতে পিচলি পৰাত এখন ভৰি অসুস্থ হৈ পৰে । প্ৰাথমিক চিকিৎসা কৰে যদিও উপযুক্ত চিকিৎসাৰ অভাৱত শিক্ষয়িত্ৰীগৰাকীৰ দুয়োখন ভৰিয়েই ক্ৰমান্বয়ে অকামিলা হৈ পৰিছে বৰ্তমান ।

এতিয়া বিচনা আৰু হুইল চেয়াৰখনেই সংগী হৈ পৰিছে বীনা বাইদেউৰ ৷ ৰহাৰ মোলানকটাৰ ভাতৃৰ গৃহত দিন-ৰাতি একাকাৰ কৰা চম্পা দাসৰ চিকিৎসাৰ বাবে বেচৰকাৰী বিদ্যালয়খনৰ শিক্ষাৰ্থী তথা শিক্ষকসকলৰ লগতে শুভাকাংক্ষীসকলে পাৰ্যমানে সহায় কৰিছিল যদিও সেইয়া যথেষ্ঠ নহ'ল । এতিয়া চম্পা দাসে একেবাৰে খোজকাঢ়িব নোৱৰা অৱস্থা । বিচনা আৰু হুইল চেয়াৰখনকে সংগী কৰি হা-হুমুনিয়াহ কাঢ়ি দিন অতিবাহিত কৰিছে চম্পা দাসে ৷

অৰ্থৰ অভাৱত বাইদেউৰ আধৰুৱা হৈ ৰ'ল চিকিৎসা । আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনাই কৃতী শিক্ষয়িত্ৰী চম্পা দাসে চকুলো টুকি ৰাজ্যৰ শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে চিকিৎসাৰ বাবে । বাইদেউৰ আশা সুস্থ হৈ পুনৰ জ্ঞানৰ পোহৰৰে শিক্ষাৰ্থীৰ জীৱন আলোকিত কৰি তুলিব ।

লগতে পঢ়ক:Nehru Full Bright Fellowship to Dr Parikshit Gogoi:নগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড৹ পৰীক্ষিত গগৈলৈ নেহৰু ফুল ব্ৰাইট ফেল’শ্বিপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.