ETV Bharat / state

নগাঁৱত আটক সাংবাদিক নামধাৰী ড্ৰাগছ সৰবৰাহকাৰী

সাংবাদিকৰ পৰিচয় পত্ৰ পাই বলিয়ান হোৱা একাংশ ভুৱা সাংবাদিকৰ অনৈতিক কাৰ্য-কলাপ ৷ ড্ৰাগছৰ দৰে নিষিদ্ধ বেহাত জড়িত সাংবাদিক নামধাৰীক উত্তম-মধ্যম গাওঁৰক্ষী বাহিনীৰ ৷

author img

By

Published : Apr 20, 2020, 11:46 AM IST

Updated : Apr 21, 2020, 12:01 PM IST

VDP  detained a reporter with drugs
নগাওঁত আটক সাংবাদিক নামধাৰী ড্ৰাগছ সৰবৰাহকাৰী

নগাঁও, 20 এপ্ৰিলঃ যিটো সময়ত ৰাজ্যত কাঠফুলাৰ দৰে বাঢ়িছে এটাৰ পিছত আন এটা ৱেব প'ৰ্টেল,তাৰ সমান্তৰালভাৱে দৌৰাত্ম্য বাঢ়িছে একাংশ ৱেব প'ৰ্টেলৰ সাংবাদিক নামধাৰীৰ টিঘিলঘিলনি ৷ সাংবাদিকৰ পৰিচয় পত্ৰ পাই বলিয়ান হৈ একাংশই চলাই আহিছে অনৈতিক কাৰ্য-কলাপৰ লগতে ড্ৰাগছৰ দৰে নিষিদ্ধ বেহা ৷ এনে এক ঘটনা পোহৰলৈ আহিছে নগাঁৱত ৷ এটা ৱেব প'ৰ্টেলৰ সাংবাদিক হিচাপে নিজকে চিনাকি দিয়া ৰাজা বৰাই সাংবাদিকৰ পৰিচয় পত্ৰৰ জৰিয়তে চলাই আহিছিল ড্ৰাগছৰ বেহা ৷

VDP  detained a reporter with drugs
নগাঁৱত আটক সাংবাদিক নামধাৰী ড্ৰাগছ সৰবৰাহকাৰী

লক ডাউনৰ সময়তে দেওবাৰে নিশা সাংবাদিক নামধাৰী ৰাজা বৰাক নিচাষক্ত অৱস্থাত ড্ৰাগছসহ হাতে-লোটে নগাঁৱৰ চলচলিত গাঁওৰক্ষী বাহিনীয়ে আটক কৰে ৷ গাঁওৰক্ষী বাহিনীয়ে সাংবাদিক নামধাৰী যুৱকজনক উত্তম-মধ্যম দিয়াৰ লগতে গতাই দিয়ে হয়বৰগাঁও আৰক্ষীক ৷ সাংবাদিকৰ দৰে এক পৱিত্ৰ বৃত্তিক এনেদৰে একাংশ পাবত গজা সাংবাদিকে কলুষিত কৰিছে, তাকে লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সচেতন মহলৰ মাজত ৷ প্ৰশ্ন হয়,ৰাজ্যত কাঠফুলাৰ দৰে বাঢ়ি অহা ৱেব প'ৰ্টেলৰ একাংশ সাংবাদিক নামধাৰীক এতিয়া নাকী লগাব কোনে ?

লগতে পঢ়কঃ এমাহতকৈও অধিক সময়ৰ বাবে শিলচৰত খাদ্য সামগ্ৰী মজুত আছে

Last Updated : Apr 21, 2020, 12:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.