ETV Bharat / state

ধিঙত অচিন পোকৰ উপদ্ৰৱত ত্ৰাহি মধুসূদন কৃষকৰ - নগাঁও জিলাৰ ধিঙৰ চৰাঞ্চল

নগাঁও জিলাৰ ধিঙৰ চৰাঞ্চলত অচিন পোকে তহিলং কৰিলে হাজাৰ-হাজাৰ বিঘাৰ মাকৈ খেতি ৷ কৃষকসকলে পোকৰ উপদ্ৰৱ প্ৰতিৰোধ কৰিবলৈ বহু প্ৰতিষেধক চতিয়াইছে যদিও কোনো সুফল পোৱা নাই ৷ যাৰ বাবে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষকসকলৰ মাজত ৷

ETV BHARAT
ধিঙত অচিন পোকৰ উপদ্ৰৱত ত্ৰাহি মধুসূদন কষকৰ
author img

By

Published : May 29, 2020, 1:49 PM IST

বটদ্ৰৱা,29 মেঃ নগাঁও জিলাৰ ধিঙৰ চৰাঞ্চলৰ কৃষক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ নিশাটোৰ ভিতৰতে অচিন পোকে ধ্বংস কৰে হাজাৰ-হাজাৰ বিঘাৰ মাকৈ খেতি ৷

কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতেই নগাঁও জিলাৰ ধিঙত আন এটা জলন্ত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে কৃষকসকল ৷ ভূতৰ ওপৰত দানহ পৰা দি মাকৈ খেতিত দেখা দিছে অচিন পোকৰ উপদ্ৰৱ । নিশাটোৰ ভিতৰতে অচিন পোকে খায় তহিলং কৰিছে চৰাঞ্চলৰ হাজাৰ-হাজাৰ বিঘা মাকৈ খেতি । কৃষকসকলে পোকৰ উপদ্ৰৱ প্ৰতিৰোধ কৰিবলৈ বহু প্ৰতিষেধক চতিয়াইছে যদিও কোনো সুফল পোৱা নাই বুলি সাংবাদিকৰ আগত সদৰী কৰে ৷

ধিঙত অচিন পোকৰ উপদ্ৰৱত ত্ৰাহি মধুসূদন কষকৰ

আনহাতে, পোকৰ উপদ্ৰৱ ৰোধিবলৈ উপযুক্ত প্ৰতিষেধক পোৱা নাই বুলিও কয় কৃষকসকলে ৷ আনহাতে কৃষি বিভাগৰ কোনো এজন বিষয়া কৰ্মচাৰীয়েও কৃষকসকলৰ খা-খবৰ নোলোৱা বুলি অভিযোগ কৰে ৷ অচিন পোকৰ উপদ্ৰৱত এতিয়া দিশহাৰা হৈ পৰিছে কৃষকসকল । তাৰোপৰি খেতিদৰাত হাজাৰ হাজাৰ ধন ব্যয় কৰিছল কৃষকসকলে ৷ পোকৰ এই উপদ্ৰৱত যাৰ বাবে কৃষকসকলে মুৰে-কপালে হাত দিয়াৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । ভূক্তভোগী কৃষকসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কৃষক সকলক কিছু সাহাৰ্য দিবলৈ কাতৰে অনুৰোধ জনাইছে ৷

লগতে পঢ়ক-অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতিঃ এতিয়ালৈকে তিনিজনৰ মৃত্যু !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.