নগাঁও, 13 জুন: ‘‘পৰেশ বৰুৱাই প্ৰাক্তন সতীৰ্থ বুলি সম্বোধন কৰে হিমন্ত বিশ্ব শৰ্মাক ।’’ মঙলবাৰে সন্ধিয়া নগাঁৱত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত এই বিস্ফোৰক মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই । মণিপুৰৰ এটা কুকি বিদ্ৰোহী সংগঠনে অতি শেহতীয়াভাৱে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ সময়ত তেওঁলোকৰ সৈতে বুজাবুজি কৰা বুলি কৰা মন্তব্য সন্দৰ্ভত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভূপেন বৰাই ৷
উল্লেখ্য যে, মণিপুৰত 2017 চনত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচন আৰু 2019 ৰ লোকসভা নিৰ্বাচনৰ সময়ত ৰাজ্যখনত বিজেপি প্ৰাৰ্থীক জয়ী কৰোৱাৰ স্বাৰ্থত নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই কুকি উগ্ৰপন্থীৰ সহায় লোৱা বুলি এক বাতৰি প্ৰচাৰ হৈছে ৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিত সংগঠনটোৰ মুৰব্বীগৰাকীয়ে সদৰী কৰিছে যে, তেওঁলোকৰ সৈতে চুক্তিবদ্ধ হৈছিল ড৹ শৰ্মা ৷ এই বাতৰি প্ৰকাশৰ পাচতেই তোলপাৰ লাগিছে দেশৰ ৰাজনীতিত ৷
মঙলবাৰে সন্ধিয়া নগাঁৱত উপস্থিত হৈ এই বিষয়ত মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই ৷ তেওঁ কয়, ‘‘আমি আগৰে পৰা শুনি আছোঁ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই মুখ্যমন্ত্ৰীক প্ৰায়ে প্ৰাক্তন সতীৰ্থ বুলি সম্বোধন কৰা । কিন্তু আজি আমি শুনিবলৈ পালোঁ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচিত অসমৰ মুখ্যমন্ত্ৰীজনে মণিপুৰত কুকি উগ্ৰপন্থীৰ লগত ভিতৰুৱাকৈ মিলি নিৰ্বাচন জিকাৰ পৰিকল্পনা কৰিছে । সেই কথা স্বয়ং সেই উগ্ৰপন্থী দলটোৰ নেতাজনে সদৰী কৰিছে । এতিয়া ভাৰতবৰ্ষৰ সংবিধানৰ ৰক্ষক বুলি কোৱা বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া দৃষ্টি ৰাখিব লাগিব ৷’’
একেজন মানুহৰ বিষয়ে বাৰে বাৰে এনেধৰণৰ অভিযোগ অহাটো চিন্তনীয় বিষয় বুলি ড৹ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি তেওঁ পুনৰ কয় যে, এই বিষয়টো অন্য ব্যক্তিৰ ক্ষেত্ৰত হোৱা হ’লে তেওঁ ইমান সময়ে জেলত থাকিলেহেতেন । যদি এটা কবিতা লিখাৰ বাবে এজনী ছোৱালীক গ্ৰেপ্তাৰ কৰিব পাৰে তেন্তে এইক্ষেত্ৰত কিয় নোৱাৰে বুলিও প্ৰশ্ন কৰে ভূপেন বৰাই ৷
লগতে পঢ়ক: Manipur violence : মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত বুধবাৰে গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব হিমন্ত বিশ্ব শৰ্মাই