বঢ়মপুৰ, 2 অক্টোবৰ: ৰাজ্যজুৰি সোপাধৰাৰ আতংকই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Sopadhara rumours in Assam)৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সোপাধৰাৰ সন্দেহত উৰাবাতৰি বিয়পাৰ লগতে হিংসাত্মক ঘটনা সংঘটিত হৈ আহিছে (Sopadhora case at Kampur)৷ এইবাৰ নগাঁও জিলাৰ কামপুৰৰ কাকতিগাঁৱত দুদিনৰ ভিতৰত দুটাকৈ সোপাধৰাক আটক কৰাৰ ঘটনা সংঘটিত হৈছে (Tense situation over Sopadhara rumours)।
জানিব পৰা মতে, শনিবাৰে পুৱতি নিশা 4 বজাত এগৰাকী মহিলাই বাহিৰলৈ ওলাই আহোঁতে এজন অচিনাকী লোকে অনুসৰণ কৰিছিল ৷ তাৰ পিছতে মহিলাগৰাকীয়ে নিজ বিচনালৈ শুবলৈ যাওতেই পিছে পিছে লোকজন গৈ মহিলাগৰাকীৰ মুখত সোপা দিয়ে ৷ মহিলাগৰাকী অচেতন হৈ যোৱাৰ পিছতে মহিলাগৰাকীৰ শৰীৰত বিভিন্ন অংশত স্পৰ্শ কৰাৰ লগতে মহিলাগৰাকীৰ মুখত কিবা বস্তু সুমুৱাই দি গুচি যায় ৷
তাৰ পিছতে পুৱা ভাগত গঞাই ৰে’ল লাইনৰ তলৰ পৰা এজন অচিনাকী লোকক কৰায়ত্ত কৰে ৷ লোকজনৰ লগত বস্তা আৰু ঔষধিযুক্ত বেজী থকা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷ তাৰ পিছতে গাঁৱৰ লোকে অচিনাকী লোকজনক ধৰি আনি এখন দোকানত আৱদ্ধ কৰি সোধ-পোছ কৰে ৷ উত্তেজিত গঞাই ইয়াতেই ক্ষান্ত নাথাকি অচিনাকী লোকজনক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে ৷ ঘটনা বিষম দেখি স্থানীয়ে লোকে কামপুৰ আৰক্ষীক খবৰ দিয়ে ৷
আৰক্ষীয়ে খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে ৷ আৰক্ষীয়ে অচিনাকী লোকজনক আটক কৰি আৰক্ষী থানালৈ লৈ যায় ৷
আনহাতে, শুকুৰবাৰে গাঁওখনত সোপাধৰাই ল’ৰা ছোৱালী ধৰি লৈ যায় বুলি এক গুজৱ ওলাইছিল ৷ তাৰ পিছতে এজন অচিনাকী হিন্দীভাষী লোকক গাঁৱৰ লোকে সোপাধৰাৰ সন্দেহত ধৰি লৈ আৰক্ষীক চমজাই দিছিল ৷ কিন্তু এই দুই ঘটনাৰ পিছতো আৰক্ষীয়ে কোনোধৰণৰ বিহিত ব্যৱস্থা নোলোৱাত ক্ষুব্ধ হৈ পৰিছে গাঁওবাসী (Two sopadhoras detained at Kampur)৷
এনেদৰে ঘটনা পুনৰাবৃত্তি হৈ থাকিলে গাঁওবাসী আৰু অধিক আতংকিত হ’ব বুলি আশংকা প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক: মাজুলীত সোপাধৰা নে আন কিবা !